সৰুপথাৰ,21 এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি আৰু মূল্য বৃদ্ধি নহয় বুলি আশ্বাস প্ৰদান কৰিছে ৰাজ্য় চৰকাৰে ৷ কিন্তু লক ডাউনৰ সুবিধা গ্ৰহণ কৰি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ব্য়ৱসায়ী সকলে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
উল্লেখ্য় যে,ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ এটি দলে উত্থাপিত এই অভিযোগ সমূহৰ ভিত্তিতেই অনুসন্ধান চলোৱাৰ উদ্দেশ্যে সৰুপথাৰৰ কুশল ট্ৰেডিং কোঃ নামৰ পাইকাৰী প্ৰতিষ্ঠানখনত উপস্থিত হয় ৷ পাইকাৰী ব্যৱসায়ীসকলৰ মতে ধনশিৰি মহকুমাৰ বাবে খাদ্য সামগ্ৰী মজুত আছে যদিও পৰিবহন খৰচ বৃদ্ধি হোৱাৰ বাবে শেহতীয়াকৈ চাউল,দাইল,মিঠাতেলৰ দাম ১০/১৫ শতাংশ বৃদ্ধি হৈছে ৷