সৰুপথাৰ,29আগষ্টঃ গোলাঘাট বৰপথাৰৰ বাৰমুখীয়া গাঁৱত এগৰাকী মহিলাই কেইবাটাও গোটৰ পৰা লোৱা টকা লৈ ১৯ দিন নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে স্বামী বিজয় দত্ত নামৰ লোকজনৰ পৰিয়ালত ৷ ইপিনে ববিতা দত্ত নামৰ মহিলাগৰাকীয়ে প্ৰায় 2 লাখ টকাসহ কণমাণি ছোৱালীজনীক লৈ পলায়ন কৰিছে বুলি অভিযোগ পৰিয়ালৰ লোকৰ ৷ আনহাতে ঋণ লোৱা গোটসমূহে স্বামী বিজয় আৰু দেওৰেক তিলক দত্তক টকাসমূহ ঘূৰাই দিবলৈ কোৱাত পৰিয়ালটো অসহায় হৈ পৰিছে ৷
সৰুপথাৰত গোটৰ টকা লৈ মহিলা নিৰুদ্দেশঃ থানাত এজাহাৰ দাখিল
আত্মসাৎ কৰি লৈ যোৱা টকাসমূহৰ কিস্তি হিচাপে ঘূৰাই দিয়াৰ পৰিমাণ মাহেকত প্ৰায় ৮,০০০ টকা ৷ ইতিমধ্যে পৰিয়ালৰ লোকসকলে মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দিছে ৷
সৰুপথাৰত গোটৰ টকা লৈ মহিলা নিৰুদ্দেশ; থানাত এজাহাৰ দাখিল
উল্লেখ্য যে, আত্মসাৎ কৰি লৈ যোৱা টকাসমূহৰ কিস্তি হিচাপে ঘূৰাই দিয়াৰ পৰিমাণ মাহেকত প্ৰায় ৮,০০০ টকা ৷ ইফালে,স্বামী বিজয় দত্তই এয়া পত্নীৰ পূৰ্বৰ পৰিকল্পনা বুলি অভিযোগ কৰিছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকসকলে মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দিছে ৷