অসম

assam

ETV Bharat / state

উৰিয়ামঘাট পীয়ূষ হাজৰিকাই উদ্বোধন কৰিলে আদৰ্শ চিকিৎসালয় - আদৰ্শ চিকিৎসালয়

সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই উদ্ধোধন কৰে ৰাজ্যৰ ৮৩ সংখ্যক এখন আদৰ্শ চিকিৎসালয়

সৰুপথাৰৰ উৰিয়ামঘাটত উদ্ধোধন আদৰ্শ চিকিৎসালয়

By

Published : Jun 13, 2019, 10:30 PM IST

সৰুপথাৰ,১৩জুন: বৃহস্পতিবাৰে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত উদ্ধোধন কৰা হয় এখন আদৰ্শ চিকিৎসালয় । ৰাজ্যৰ ৮৩ সংখ্যক এই আদৰ্শ চিকিৎসালয়খন উদ্ধোধন কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই । চিকিৎসালয়খনৰ শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ যুটীয়া সচিৱ,সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলিনা তিৰ্কী,প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা, মহকুমাধিপতি ডা0 পি.উদয় প্ৰবীন, সীমান্ত দণ্ডাধিশ প্ৰাণজিৎ দেৱ , এপেস্ক বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকনকে ধৰি স্বাস্থ্য বিভাগৰ বহু ব্যক্তি ।

সৰুপথাৰৰ উৰিয়ামঘাটত উদ্ধোধন আদৰ্শ চিকিৎসালয়

উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰায় ৮০ কিলোমিটাৰ বাট অতিক্ৰম কৰি গোলাঘাটলৈ উন্নত চিকিৎসাৰ বাবে যাব লগা হৈছিল । কিন্তু বহুদিনৰ অন্তত প্ৰতিষ্ঠা কৰা এই চিকিৎসালয়খনৰ বাবে এতিয়া আনন্দিত হৈ পৰিছে অঞ্চলবাসী ।

ABOUT THE AUTHOR

...view details