দীঘলী পথাৰ, 9 ফেব্ৰুৱাৰীঃধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত এক ভিতৰুৱা অঞ্চল দীঘলী পথাৰ গাঁৱত বাঘৰ সন্ত্ৰাস ৷ দিন দুপৰতে আশ্ৰয় বিচাৰি মানুহৰ ঘৰত সোমাল বনৰজা ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি স্থানীয় বন সংমণ্ডলৰ লোকক খবৰ দিয়াৰ পিচতো, এজন বিষয়াহে বাঘটো ধৰিবলৈ উপস্থিত হয় সেই স্থানত ৷
দীঘলী পথাৰত মানুহৰ ঘৰত সোমাল বনৰজা - দীঘলী পথাৰ
অসম নাগালেণ্ড সীমান্তৱৰ্তী এক ভিতৰুৱা অঞ্চল দীঘলী পথাৰ গাঁৱত দিন দুপৰতে আশ্ৰয় বিচাৰি মানুহৰ ঘৰত সোমাল বনৰজা ৷ বন বিভাগৰ লোকে জানিব দিয়া মতে, বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কাজিৰঙাৰ পৰা আহিব বন বিভাগৰ লোক ৷
মানুহৰ ঘৰত সোমাল বনৰজা
কিছু সময় পিচত আৰক্ষীৰ লোক আহি উপস্থিত হয় ঘটনাস্থলীত ৷ বন বিভাগৰ লোকে জানিব দিয়া মতে, বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কাজিৰঙাৰ পৰা আহিব বন বিভাগৰ লোক ৷
লগতে পঢ়ক ঃ তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক