সৰুপথাৰত চুৰিকাঘাত কাণ্ড - Lakhimpur
সৰুপথাৰ ৰেল ষ্টেচনত দেওবাৰে আবেলি সংঘটিত হয় চুৰিকাঘাত কাণ্ড ৷ টকা আৰু এটা মবাইলক কেন্দ্ৰ কৰি এজন শ্ৰমিকে আন এজন শ্ৰমিকক কৰে উপৰ্যুপৰি চুৰিকাঘাত ৷
সৰুপথাৰ, 18 আগষ্ট:সৰুপথাৰ ৰেল ষ্টেচনত দেওবাৰে আবেলি এক চুৰিকাঘাতৰ ঘটনা সংঘটিত হয় | এজন শ্ৰমিকে চুকা অস্ত্ৰৰে আন এজন শ্ৰমিকক পেটত উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে । গুৰুতৰভাৱে আহত শ্ৰমিক জনৰ নাম হজৰত আলি বুলি জানিব পৰা গৈছে | ডিমাপুৰত শ্ৰম কৰা ব্যক্তি গৰাকী দেওবাৰে সৰুপথাৰলৈ আহিছিল | ইপিনে এম্বুলেঞ্চৰ অভাৱত আধা ঘণ্টা সময় ষ্টেচনতে চটফটাই পৰি থাকে আঘাত প্ৰাপ্ত ব্যক্তি গৰাকী ৷ অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত আহত লোকজনক সৰুপথাৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে | চুৰিকাঘাতেৰে হত্যা কৰিবলৈ চেষ্টা কৰা ব্যক্তি গৰাকীক পেলনীয়া সামগ্ৰী বুটলা দিলীপ বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনা অনুসৰি পাবলগীয়া টকা আৰু মবাইল ফোন বিচৰাক কেন্দ্ৰ কৰিয়ে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷