অসম

assam

By

Published : Mar 31, 2020, 12:27 PM IST

ETV Bharat / state

বৰপথাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ

প্ৰশাসনৰ বিশেষ পাছ থকাৰ পিছতো গোলাঘাট জিলাৰ বৰপথাৰত এজন পাচলি ব্যৱসায়ীক বৰপথাৰ আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ ২নং ৱাৰ্ডৰ শাক-পাচলি বিতৰকৰ ওপৰত বৰপথাৰ আৰক্ষীয়ে মাৰধৰ কৰাৰ ঘটনা পোঁহৰলৈ আহি

ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ
ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ

সৰুপথাৰ, 31মাৰ্চঃ লক ডাউনৰ বাবে সমগ্ৰ দেশত বৰ্তমান স্বাভাৱিক জীৱন স্তব্ধ হৈ পৰিছে ৷ কেৱল অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ বাদে সকলো ধৰণৰ প্ৰতিষ্ঠান,যান-বাহন বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে ৷ অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ চলাচল কৰিবৰ বাবে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা বিশেষ পাছৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰশাসনৰ সেই বিশেষ পাছ থকাৰ পিছতো গোলাঘাট জিলাৰ বৰপথাৰত এজন পাচলি ব্যৱসায়ীক বৰপথাৰ আৰক্ষীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাক লৈ বৰ্তমান চহৰখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

বৰপথাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ

অভিযোগ অনুসৰি লকডাউনৰ সময়ছোৱাত ঘৰত আবদ্ধ ৰাইজৰ বাবে ধনশিৰি মহকুমা প্ৰশাসন আৰু পৌৰসভাই ঘৰে ঘৰে শাক-পাচলি বিতৰণৰ ব্যৱস্থা কৰিছিল ৷ প্ৰতিটো ৱাৰ্ডৰ বাবে একোজন শাক-পাচলি বিতৰকক অনুমতি দিয়া হৈছিল ৷ কিন্তু ২নং ৱাৰ্ডৰ শাক-পাচলি বিতৰকৰ ওপৰত বৰপথাৰ আৰক্ষীয়ে মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে ভুক্তভোগীয়ে কোৱা অনুসৰি তেওঁক মাৰধৰ নকৰিবলৈ অনুৰোধ জনাইছিল ৷ আনকি তেওঁৰ বিশেষ পাছ থকাৰ কথাও উল্লেখ কৰিছিল ৷ কিন্তু আৰক্ষীয়ে পাচলি ব্যৱসায়ীজনৰ কোনো ধৰণৰ মন্তব্য নুশুনাকৈ তেওঁক উপৰ্যুপৰি মাৰধৰ কৰাৰ ঘটনাক এতিয়া সাধাৰণ জনতাই তীব্ৰ গৰিহণা দিছে ৷

লগতে পঢ়কঃলক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ মংগলদৈ আৰক্ষী

ABOUT THE AUTHOR

...view details