অসম

assam

By

Published : Apr 12, 2020, 4:41 PM IST

ETV Bharat / state

মজিয়াত বহি আকাশৰ তৰা গণা এটা পৰিয়ালৰ কথাৰে.......

এটা জৰাজীৰ্ণ ঘৰত জীৱন কটোৱা এটা পৰিয়ালৰ মৰ্মান্তিক গাঁথা !

SARUPATHAR ONE FAMILY TRAZEDY
SARUPATHAR ONE FAMILY TRAZEDY

সৰুপথাৰ, 12 এপ্ৰিল : গোলাঘাট জিলাৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং পদুমণি গাঁৱৰ এটা জৰাজীৰ্ণ ঘৰ ৷ ঘৰ নহয় যেন এটা গৰু বন্ধা গোহালিহে ৷ ঘৰৰ মুধৰচেৰে কেৱল আকাশৰ তৰা নহয়, গোটেই আকাশখনেই দেখা পোৱা যায় ৷ এই ঘৰটোতে বাস কৰে এটি কণমানি সন্তানৰ সৈতে ৰাজীৱ ইন্দোৱাৰ আৰু লক্ষী ইন্দোৱাৰে ৷ ঘৰখনত অভাৱৰ বাহিৰে যেন আন সকলো বস্তুৰেই অভাৱ ৷ দিন হাজিৰা কৰি তিনিটি প্ৰাণীৰ সৈতে কোনোমতে পেট প্ৰৱৰ্তোৱা ৰাজীৱ অথবা লক্ষীয়ে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ উজলা, সৌভাগ্য আঁচনি, পি এম এ ৱাই, ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনা আদি পৰিয়ালটোৰ বাবে কেৱল সাধুকথা ৷ লক্ ডাউনৰ সময়ত ৰেচন কাৰ্ড নথকা সকলক 1000 টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল চৰকাৰে ৷ কিন্তু ৰাজীৱৰ দৰে দৰিদ্ৰই কোনোমতেই লাভ নকৰে এই সাহাৰ্য ৷ প্ৰশ্ন হয়, দুখীয়া দৰিদ্ৰৰ বাবে ঘোষণা কৰা আঁচনি সমূহৰ সুবিধা কিয় লাভ নকৰে তেওঁলোকে, এইসকল অৱস্থাহীন লোকৰ প্ৰতি চৰকাৰ প্ৰশাসন কেতিয়াবা সদয় হ'ব নে ৷

এটা পৰিয়ালৰ মৰ্মান্তিক গাঁথা

ABOUT THE AUTHOR

...view details