অসম

assam

ETV Bharat / state

এজোপা গছে দুটা সম্প্ৰদায়ৰ মাজত গঢ়িছে সম্প্ৰীতিৰ এনাজৰী - নাগালেণ্ড

সৰুপথাৰৰ সীমান্তৰ নাগালেণ্ডৰ কৌৰ বস্তিৰ এজোপা কেইবাশ বছৰীয়া জৰী গছ ৷ গছজোপাৰ লগত জড়িত আছে দুটা প্ৰতাপী জাতিৰ বন্ধুত্বৰ এক কিংবদন্তী ৷ অঞ্চলটোৰ পাহাৰীয়া নগা লোকসকলৰ বিশ্বাস নগা ৰজা আৰু আহোমৰ মাজৰ বন্ধুত্বৰ সাক্ষী এই জৰী গছজোপা ৷

এজোপা গছে দুটা সম্প্ৰদায়ৰ মাজত গঢ়িছে সমণ্বয়ৰ এনাজৰি

By

Published : Apr 26, 2019, 1:41 PM IST

সৰুপথাৰ,26এপ্ৰিল: এজোপা বিশেষ জৰীগছ ৷ যি গছে বছৰ বছৰ ধৰি সাক্ষী বহন কৰি আহিছে দুটা সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ এনাজৰী ৷ এই বিশেষ গছজোপা আছে অসম সীমান্তৰ, নাগালেণ্ডৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ ভিতৰত অৱস্থিত কৌৰবস্তি নামৰ এখন ক্ষুদ্ৰ গাঁৱত ৷ প্ৰায় ৮ শ বছৰ পুৰণি গাঁওখনত আছে এক অখ্যাত ইতিহাস ৷ প্ৰবাদ অনুসৰি এই গাঁওখনত থকা বিশেষ জৰী গছজোপাই সাক্ষী বহন কৰিছে নগা ৰজা আৰু আহোমৰ মাজৰ বন্ধুত্বৰ সম্পৰ্কৰ ৷ নগা ৰজা আৰু আহোমৰ ৰাজবিষয়া প্ৰায়ে লগ হৈছিল এইখন কৌৰ বস্তিতে ৷ কিন্তু নগা ৰজাজনৰ মৃত্যুৰ পাচত আহোম সৈন্য সেই স্থানত উপস্থিত হৈ মৃত নগাৰজাক উক্তস্থানতে আহোমৰ প্ৰথাৰে মৈদাম দি চিন ৰাখিবৰ বাবে মৈদামৰ ওপৰত ৰোপণ কৰিছিল এজোপা জৰী গছৰ পুলি ৷ ইপিনে নগা সকলে মৈদামৰ কাষত দিছিল নগাৰ প্ৰথাৰে ৮ টা শিল ৷ বৰ্তমান এই টিলাটোৰ ওপৰত থকা জৰীগছ জোপাৰ লগতে গছৰ কাষৰ শিলকেইটাই এই কাহিনীৰ সত্যতা নিৰূপণ কৰে বুলি দাবী কৰে নগা সকলে ৷ লগতে এই জৰীগছ জোপা আৰু শিল কেইটাক বিশেষ মৰ্যদা দিয়ে গাঁওখনৰ লোকসকলে ৷ আনহাতে গাঁওখনলৈ প্ৰতি বছৰে চুবুৰীয়া ৰাজ্য অসমৰ পৰা আহোম সম্প্ৰদায়ৰ লোকক আমন্ত্ৰণ কৰি অতিথিৰূপে সন্মান যচা আৰু অভ্যৰ্থনা আগবঢ়োৱাৰ লগতে এই কাহিনী ৰাজহুৱাকে গাঁওখনৰ মুখিয়ালজনে ব্যক্ত কৰাৰ এক পৰম্পৰা চলি আহিছে ৷

এজোপা গছে দুটা সম্প্ৰদায়ৰ মাজত গঢ়িছে সমণ্বয়ৰ এনাজৰি

অৱশ্যে ইতিহাসৰ পাতত এনে কোনো কাহিনী লিপিবদ্ধ নাই যদিও নাগালেণ্ডৰ ক'ৰ বস্তিৰ কথা উল্লেখ আছে আহোমৰ ইতিহাসত ৷ এই কাহিনী কিমান সঁচা বা কাল্পনিক সেয়া এটা সুকীয়া কথা কিন্তু বৰ্তমান সময়ত প্ৰায়ে দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদক সীমান্তৰ ক'ৰ বস্তিৰ এই গছজোপাই ৰাইজৰ মাজত বন্ধুত্বৰ ভাৱ বৰ্তাই ৰখাত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷

ABOUT THE AUTHOR

...view details