সৰুপথাৰ,30 মাৰ্চঃ গোলাঘাট জিলাৰ বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বিনামূলীয়া খাদ্য সামগ্ৰী ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ পিচতে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলীনা তিৰ্কীয়ে বিষয়টো সন্দৰ্ভত ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়া, পৌৰপতি, যোগান বিভাগ আৰু ৱাৰ্ডকমিচনাৰ সকলৰ সৈতে বৈঠকত মিলিত হয় ৷ এই বৈঠকতেই ৰেচন কাৰ্ড থকা পৰিয়ালৰ উপৰিও ৰেচন কাৰ্ড নথকা পৰিয়ালৰো তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়িকা গৰাকীয়ে ৷
সৰুপথাৰত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া খাদ্য যোগান - বৰপথাৰ পৌৰসভা
মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ পিচতে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলীনা তিৰ্কীয়ে বিষয়টো সন্দৰ্ভত ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়া, পৌৰপতি, যোগান বিভাগ আৰু ৱাৰ্ডকমিচনাৰ সকলৰ সৈতে বৈঠকত মিলিত হয় ৷ এই বৈঠকতেই ৰেচন কাৰ্ড থকা পৰিয়ালৰ উপৰিও ৰেচন কাৰ্ড নথকা পৰিয়ালৰো তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়িকা গৰাকীয়ে ৷
![সৰুপথাৰত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া খাদ্য যোগান Sarupathar MLA relief](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6593952-thumbnail-3x2-g.jpg)
সৰুপথাৰত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া খাদ্য যোগান
সৰুপথাৰত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া খাদ্য যোগান
ইতিমধ্যে জিলাখনৰ গ্ৰামাঞ্চলত বসবাস কৰা বাসিন্দা সকলৰ বাবে গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পঞ্চায়তৰ জৰিয়তে শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷ বিধায়িকাগৰাকীয়ে তলাবন্ধৰ সময়ছোৱাত সকলো লোককে ঘৰতে থকাৰ বাবে আহ্বান জনোৱাৰ উপৰিও জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকসকলক ধন্যবাদ জ্ঞাপন কৰে ৷