অসম

assam

ক’হিমা মৰিয়নি ট্ৰেন্সমিচন লিমিটেডে বিতৰণ কৰিলে চেক

By

Published : Jun 20, 2021, 6:46 PM IST

ক’হিমা মৰিয়নি ট্ৰেন্সমিচন লিমিটেডৰ অধীনত বহুদিনৰ পূৰ্বে ধনশিৰি মহকুমাৰ মাজেৰে এক উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগী খুটা স্থাপন কৰা হৈছিল । এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ হিচাপে ধনৰাশি প্ৰদান কৰা হয় । বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত শনিবাৰে চেক প্ৰদান কৰা হয় লোক সকলক ।

sarupathar mla distribute cheque
সৰুপথাৰত বিদ্যুৎ খুটা স্থাপনৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজক চেক বিতৰণ

সৰুপথাৰ, ১৯ জুন :নিৰ্বাচনত জয়ী হোৱাৰ পিছতে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ হাতত লৈছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে(Biswajit Phukan) । সমষ্টিবাসীৰ অভাৱ অভিযোগ দূৰ কৰাৰ বাবে একপ্ৰকাৰ উঠি পৰি লাগিছে বিধায়কগৰাকী । এইবাৰ পুনৰ এক আদৰণীয় পদক্ষেপ বিধায়ক বিশ্বজিৎ ফুকনৰ । উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগী খুটা স্থাপনৰ ফলত ক্ষতিগ্ৰস্থ হোৱাৰ ৰাইজক বিধায়কগৰাকীৰ আহ্বান মৰ্মে বিভাগীয় কৰ্তৃপক্ষই প্ৰদান কৰে ক্ষতিপূৰণ ।

উল্লেখ্য যে, ক’হিমা মৰিয়নি ট্ৰেন্সমিচন লিমিটেডৰ(kohima mariani transmission limited) অধীনত বহুদিনৰ পূৰ্বে ধনশিৰি মহকুমাৰ মাজেৰে এক উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগী খুটা স্থাপন কৰা হৈছিল । কিন্তু সেই খুটা স্থাপনৰ সময়ত অঞ্চলটোৰ মাটিৰ স্বত্বাধিকাৰী সকলে উপযুক্ত ক্ষতিপূৰণ পোৱা নাছিল আৰু যথোপযুক্ত যোগাযোগ নথকাৰ বাবেই বহু লোক ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈ আছিল । উক্ত বিষয়টো বৰপথাৰ অঞ্চলৰ কেইজনমান ব্যক্তিয়ে বিধায়ক বিশ্বজিৎ ফুকনক অৱগত কৰোৱাত তেখেতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আলাপ আলোচনাৰ মাজেৰে ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ(compensation) দিয়াৰ ব্যৱস্থা হাতত লয় ।

সৰুপথাৰত বিদ্যুৎ খুটা স্থাপনৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজক চেক বিতৰণ

অৱশেষত সৰুপথাৰৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষ প্ৰাংগনত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত শনিবাৰে ক’হিমা মৰিয়নি ট্ৰেন্সমিচন লিমিটেডে (kohima mariani transmission limited) ধনশিৰি মহকুমাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগী খুটা স্থাপনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আনুষ্ঠানিকভাৱে চেক যোগে ক্ষতিপূৰণ প্ৰদান কৰা হয় ।

ক’হিমা মৰিয়নি ট্ৰেন্সমিচন লিমিটেডৰ বিষয়াসকলৰ লগতে সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়া সোণতৃষ্ণা ঘৰফলীয়াৰ সহযোগত ক’ভিড প্ৰট’কলৰ(Covid protocol) মাজেৰে আনুষ্ঠানিকভাৱে কেইবাগৰাকী লোকক ক্ষতিপূৰণৰ ধনৰাশি চেকযোগে প্ৰদান কৰা হয় । আনহাতে ক্ষতিপূৰণৰ পৰা বঞ্চিত আন ক্ষতিগ্ৰস্ত লোকসকলক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ যোগেদি অনাগত দিনত চেক(Cheque) প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি ক্ষতিপূৰণৰ পৰা বঞ্চিত লোকসকলে ক্ষতিপূৰণ লাভ কৰি যথেষ্ট আনন্দিত আৰু বিধায়কগৰাকীৰ প্ৰচেষ্টাৰ বাবে ৰাইজে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে কৰিছে প্ৰবঞ্চনা: ঋণগ্ৰস্ত মহিলা

ABOUT THE AUTHOR

...view details