সৰুপথাৰৰ ৩১টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই - কলিয়াবৰ লোকসভা সমষ্টি
অসমৰ ভিতৰত মহিলাই পৰিচালনা কৰা সৰ্বাধিক ভোটগ্ৰহণ কেন্দ্ৰ থকা আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সৰুপথাৰ বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নিজ নিজ গন্তব্যস্থানলৈ যাত্ৰা কৰিছে পলিং, প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষীসকল
![সৰুপথাৰৰ ৩১টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2962579-thumbnail-3x2-pjpg.jpg)
সৰুপথাৰ,10 এপ্ৰিলঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু হৈ উঠিছে কলিয়াবৰ প্ৰশাসন ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সৰুপথাৰ বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে বুধবাৰে নিজ নিজ গন্তব্যস্থানলৈ যাত্ৰা কৰে পলিং, প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষীসকলে | সৰপথাৰৰ বিভিন্ন অঞ্চলত থকা ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ সমগ্ৰ ব্যৱস্থাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ধনশিৰি মহকুমা প্ৰশাসনে | কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ দহটা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম সৰুপথাৰ সমষ্টিটোত সৰ্বাধিক এইবাৰ ২৫,০৯১৬ গৰাকী ভোটাৰ আছে | য'ত মুঠ ৩০১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩১ টা সম্পূৰ্ণ মহিলাই পৰিচালনা কৰা ভোট গ্ৰহণ কেন্দ্ৰ | ইপিনে ধনশিৰি মহকুমা প্ৰশাসনে জনোৱা অনুসৰি এই ৩১টা ভোটগ্ৰহণ কেন্দ্ৰতে পলিং, প্ৰিজাইডিং, নিৰাপত্তাৰক্ষীৰ কাম কৰিব কেৱল মহিলাই |