অসম

assam

ETV Bharat / state

পথ নিৰ্মাণত দুৰ্নীতি! চুতীয়া ছাত্ৰ সংস্থাৰ অৱস্থান ধৰ্মঘট

গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মাণকাৰ্যৰ সম্পুৰ্ণ হোৱা এবছৰ নৌহওঁতেই জহিখহি জৰাজীৰ্ণ ৰূপ ল'লে সৰুপথাৰ চিলনীজান সংযোগী গড়কাপ্তানী পথে ৷

চুতীয়া ছাত্ৰ সংস্থাৰ অৱস্থান ধৰ্মঘট

By

Published : Aug 26, 2019, 3:34 PM IST

Updated : Sep 9, 2019, 2:25 PM IST

চুতীয়া ছাত্ৰ সংস্থাৰ অৱস্থান ধৰ্মঘট

সৰুপথাৰ, 26আগষ্টঃ সৰুপথাৰ চিলনীজান সংযোগী গড়কাপ্তানী পথ নিৰ্মাণত অনিয়মৰ অভিযোগত চুতীয়া ছাত্ৰ সংন্থাৰ অনিদিষ্টকালীন অৱস্থান ধৰ্মঘট ৷ চি চি এল নামৰ বহিৰাগত ঠিকাদাৰী সংস্থাই ২১ কোটী টকা ব্যয় সাপেক্ষে নিবিদা লাভ কৰা ১৯ কিঃমিঃ দৈৰ্ঘৰ পথছোৱাৰ নিৰ্মাণকাৰ্যৰ সম্পূৰ্ণ হোৱা এবছৰ নৌহওঁতেই পথছোৱা জহিখহি জৰাজীৰ্ণ ৰূপ লোৱাত সৰুপথাৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৰ অভিযোগ, ঠিকাদাৰী সংস্থা আৰু গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে গোপন মিতিৰালি কৰি পথছোৱা নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰিছে ঠিকাদাৰী সংস্থাটোৱে ৷ সংগঠনটোৱে পথছোৱা পুনৰ মেৰামতিৰ দাবী উত্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্যত সংঘটিত দুৰ্নীতিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰে ৷

Last Updated : Sep 9, 2019, 2:25 PM IST

ABOUT THE AUTHOR

...view details