সৰুপথাৰ, 4 চেপ্টেম্বৰ: মন্ত্ৰী চন্দন ব্ৰহ্মক বড়ো জাতিৰ কলংক তথা জাতিৰ অভিশাপ স্বৰূপ বুলি আখ্যা দিলে সৰুপথাৰ সীমান্তত বসবাস কৰা বড়ো সম্প্ৰদায়ৰ একাংশ লোকে ৷ উল্লেখ্য যে, বি টি আৰ চুক্তিৰ পঞ্চম দফাত সন্নিৱিষ্ট ৰাজ্যৰ ২১ জিলাত থকা প্ৰায় ১০ লাখ বড়োলোকক লৈ গঠন হ’বলগীয়া বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিলখন মন্ত্ৰী চন্দন ব্ৰহ্মই বৰ্ষাকালীন অধিবেশনত উপস্থাপন নকৰাক কেন্দ্ৰ কৰি গৰজি কৰিছে বিটিএডিৰ বাহিৰত বসবাস কৰা বড়োসকল ৷
এই সকল বড়ো লোকে কিয় জাতিৰ কলংক আখ্যা দিলে মন্ত্ৰী চন্দন ব্ৰহ্মক ? - হাগ্ৰামা মহিলাৰী
বি টি আৰ চুক্তিৰ পঞ্চম দফাত সন্নিৱিষ্ট ৰাজ্যৰ ২১ জিলাত থকা প্ৰায় ১০ লাখ বড়োলোকক লৈ গঠন হ’ব লগীয়া বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিলখন মন্ত্ৰী চন্দন ব্ৰহ্মই বৰ্ষাকালীন অধিবেশনত উপস্থাপন নকৰাক কেন্দ্ৰ কৰি গৰজি কৰিছে বিটিএডিৰ বাহিৰত বসবাস কৰা বড়োসকল ৷
![এই সকল বড়ো লোকে কিয় জাতিৰ কলংক আখ্যা দিলে মন্ত্ৰী চন্দন ব্ৰহ্মক ? SARUPATHAR CHANDON BRAHMNA EFFIGY BURN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8681348-thumbnail-3x2-sarupathar.jpg)
এই সকল বড়ো লোকে কিয় জাতিৰ কলংক আখ্যা দিলে মন্ত্ৰী চন্দন ব্ৰহ্মক ?
এই সকল বড়ো লোকে কিয় জাতিৰ কলংক আখ্যা দিলে মন্ত্ৰী চন্দন ব্ৰহ্মক ?
নিজ জাতিৰ আবেগ অনুভূতিক গুৰুত্ব নিদিয়া চন্দন ব্ৰহ্মক ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে সন্মিলিত গণমঞ্চই ৷ শুকুৰবাৰে উৰিয়ামঘাট বৰদণ্ডীত বড়ো সন্মলিত গণ মঞ্চৰ গোলাঘাট জিলা সমিতিয়ে চন্দন ব্ৰহ্ম, প্ৰমিলাৰাণী ব্ৰহ্ম, হাগ্ৰামা মহিলাৰী প্ৰতিকৃতি দাহ কৰি অতিশীঘ্ৰে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী তুলিছে ৷ এই কাৰ্যসূচীত বড়ো লিখক সন্থা, বড়ো ছাত্ৰ সন্থা, ধনশিৰি জিলা বড়ো সাহিত্য সভা, প্ৰাক্তন এন ডি এফ বি ৰ লগতে স্থানীয় ৰাইজে সহযোগ কৰে ৷
লগতে পঢ়ক: কংগনাক মানসিক চিকিৎসাৰ প্ৰয়োজন: আমেয়া খোপকাৰ