অসম

assam

ETV Bharat / state

বিপদৰ সময়ঃ দৰিদ্ৰজনৰ কাষত বক্সাৰ লাভলিনা

সংকটৰ সময়ছোৱাত নিজ গাঁওখনৰ ৰাইজৰ কাৰণে ওলাই আহিছে অলিম্পিক খেলৰ যোগ্যতা অৰ্জনকাৰী বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই ৷ পিতৃ আৰু পৰিয়ালৰ লোকৰ সৈতে একেলগে গাঁওবাসীলৈ খাদ্যসামগ্ৰী আগবঢ়াইছে লাভলীনাই ৷

By

Published : Apr 7, 2020, 2:41 PM IST

sarupathar boxer lovelina borgohain relief for her village natives
দৰিদ্ৰ ৰাইজলৈ লাভলীনা বৰগোঁহাইৰ সহায়ৰ হাত

গোলাঘাট,7 এপ্ৰিলঃ দেশজুৰি অব্যাহত থকা লক ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত পৰিছে বিশেষকৈ দিন হাজিৰা কৰা তথা শ্ৰমজীৱি লোকসকল ৷ যাৰবাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ জনসাধাৰণে ৷ চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একাংশ দল-সংগঠন তথা ব্যক্তি বিশেষে পাৰ্যমানে ৰাইজক সহায় কৰিছে ৷

দৰিদ্ৰ ৰাইজলৈ লাভলীনা বৰগোঁহাইৰ সহায়ৰ হাত

এই সংকটৰ সময়ত নিজ গাঁৱৰ ৰাইজৰ কাৰণে ওলাই আহিছে অলিম্পিক খেলৰ যোগ্যতা অৰ্জনকাৰী অসমৰ প্ৰথমগৰাকী মহিলা তথা গোলাঘাট বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই ৷ পিতৃ আৰু পৰিয়ালৰ লোকৰ সৈতে একেলগে গাঁওবাসীলৈ খাদ্যসামগ্ৰী আগবঢ়াইছে লাভলীনাই ৷ ইফালে, লাভলীনাই খাটিখোৱা ৰাইজক যিয়ে যেনেদৰে পাৰে সহায় কৰিবলৈ আহ্বান জনোৱাৰ লগতে বাকী থকা লক ডাউনৰ দিনকেইটাও সকলোকে ঘৰৰ ভিতৰত থাকিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়কঃকৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ সহায়ৰ হাত চীনৰ !

ABOUT THE AUTHOR

...view details