অসম

assam

ETV Bharat / state

অসমৰ মাটিত নগাৰ ভূমি আগ্ৰাসনৰ চেষ্টা - NSCN

স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি কৰ সংগ্ৰহৰ কৰিবলৈ নগা উগ্ৰপন্থীয়ে নিয়োগ কৰা স্থানীয় নগালোকসকলে পৰৱৰ্তী পৰ্যায়ত কৰ সংগ্ৰহ কৰি থকা পৰিয়ালকেইটা থকা মাটিৰ ওপৰতো নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা চলায় ৷

অসমৰ মাটিত নগাৰ ভূমি আগ্ৰাসনৰ চেষ্টা
অসমৰ মাটিত নগাৰ ভূমি আগ্ৰাসনৰ চেষ্টা

By

Published : Jul 29, 2020, 6:39 PM IST

সৰুপথাৰ, 29 জুলাইঃ ক্ৰমাৎ বৃদ্ধি পাইছে অসম-নাগালেণ্ড সীমান্তত অসমৰ মাটিত নগাৰ আগ্ৰাসন ৷ কিন্তু আজিলৈকে কোনো সমাধান নাই এই সমস্যাৰ ৷ সীমান্ত অঞ্চলত বসবাস কৰা অসমীয়া জনসাধাৰণৰ পৰা নগা উগ্ৰপন্থী সংগঠন NSCN য়ে টেক্স লোৱাৰ কথা সৰ্বজনবিদিত ৷ যাক কেন্দ্ৰ কৰি মাজে সময়ে কিছু সৰু বৰ ঘটনা সংঘটিত হোৱা দেখা যায় সৰুপথাৰৰ সীমামুৰীয়া অঞ্চলত ৷

অসমৰ মাটিত নগাৰ ভূমি আগ্ৰাসনৰ চেষ্টা

স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ অসমৰ ভূমিৰ ওপৰত নগাই কৰ সংগ্ৰহ কৰিবলৈ নগা উগ্ৰপন্থীয়ে নিয়োগ কৰা স্থানীয় নগা লোকসকলে পৰৱৰ্তী পৰ্যায়ত কৰ সংগ্ৰহ কৰি থকা পৰিয়ালকেইটা থকা মাটিৰ ওপৰতো নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা চলায় ৷

অভিযোগ মতে, 1নং ছেইনপুৰৰ 43 টা পৰিয়ালৰ প্ৰায় 800 বিঘা খেতিমাটিত 50 শতাংশ ভাগ বিচাৰিছে 2 জন নগাই ৷ 43 টা পৰিয়ালৰ কৃষিভূমিৰ ওপৰত চকু কৰা নগা দুজন হ’ল ৰংথংগু লোঠা আৰু য়াম্ফু লোঠা ৷

৮০০ বিঘা মাটি নিজৰ বুলি দাবী কৰি অহা দুজন নগাৰ পৰিয়ালৰ লোকক হয়তো নগা উগ্ৰপন্থীয়ে কৰ সংগ্ৰহৰ দায়িত্ব প্ৰদান কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ছেইনপুৰবাসীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত উত্তৰাধিকাৰী হিচাপে ৮০০ বিঘা মাটিত নিজৰ দখল বিচাৰিছে ৰংথংগু লোঠা আৰু য়াম্ফা লোঠাই ৷

ইপিনে নাগাৰ ভূমি আগ্ৰাসন সম্পৰ্কে চৰকাৰে পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰি সমাধান কৰিব নিবিছাৰে বুলি অভিযোগ কৰে স্থানীয় লোকে ৷

লগতে পঢ়কঃআম্বালাৰ বায়ুসেনা ছাউনীত ৰখা হ'ব পাঁচখনকৈ ৰাফেল বিমান

ABOUT THE AUTHOR

...view details