অসম

assam

ETV Bharat / state

এখন পকী দলঙৰ আশাত বাৰঘৰীয়াবাসী আৰু গোলাঘাট সমষ্টিৰ ৰাইজ - SARUPATHAR

বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা ৷ গোলাঘাট জিলাৰ দৈয়াং নদীৰ ওপৰত এতিয়ালৈ নিৰ্মাণ নহ’ল এখন পকী দলং ৷ যাৰ বাবে বাঁহৰ দলঙেৰে মৰণত শৰণ দি বিপদসংকুলভাবে যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ।

SARUPATHAR BAMBOO BRIDGE
এখন পকী দলঙৰ আশাত

By

Published : Nov 10, 2021, 5:52 PM IST

সৰুপথাৰ, 10 নৱেম্বৰ : ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অধীনস্থ ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত বাৰঘৰীয়া অঞ্চলৰ দৈয়াং নদীৰ 1নং চাইলা ঘাটত আজিলৈকে নহ'ল এখন পকী দলং । যাৰ বাবে এতিয়া গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ সমষ্টিৰ বাৰঘৰীয়াবাসী আৰু ৯৫ নং গোলাঘাট সমষ্টিৰ ৰাইজে ভুগিছে জীয়া যন্ত্ৰণা । অতি বিপদ সংকুলভাৱে দৈয়াং নদীৰ ওপৰেদি বাঁহৰ দলঙেৰে যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ।

এখন পকী দলঙৰ আশাত

সৰুপথাৰ বাৰঘৰীয়া হৈ সৰুপানী, মেৰাপানী হৈ গোলাঘাট সংযোগী পথৰ চাইলাঘাটত যুগ যুগ ধৰি এখন বাঁহৰ দলঙেদি দৈনিক সহস্ৰাধিক লোক পাৰাপাৰ হয় । বাৰিষা কালত দৈয়াং নদীৰ বাঢ়নি পানীয়ে বাঁহৰ দলংখনো উটুৱাই লৈ যায় । যাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো প্ৰকাৰৰ লোকৰ যাতায়তত নানান অসুবিধাৰ সৃষ্টি হয় । দলং নথকা সময়চোৱাত এখন টুলুঙা নাৱেদিয়েই মৰণক শৰণ দি পাৰ হয় বহুতো যাত্ৰী ।

এখন পকী দলঙৰ আশাত

স্থানীয় লোকে যাতায়তৰ সুবিধাৰ্থে দুদিন পূৰ্বে এখন দলং নিৰ্মাণ কৰি লয় ৷ কিন্তু বাৰঘৰীয়া গাঁৱৰ চাইলাঘাটত পকী দলং নথকাৰ বাবে বহু সময়ত বাঁহৰ দলঙত নানান দুৰ্ঘটনাও সংঘটিত হয় বহুজন আহত হ’বলগীয়া হৈছে । স্থানীয় লেকো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়কক স্থানীয় ৰাইজৰ সুবিধাৰ্থে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :জৰাজীৰ্ণ দলঙৰ পৰা চাইকেলসহ নদীত পৰিল এগৰাকী ছাত্ৰ

ABOUT THE AUTHOR

...view details