সৰুপথাৰ,1 জানুৱাৰী: আজি 2020 বৰ্ষৰ প্ৰথম দিন উপলক্ষে ভিন্ন প্ৰান্তত নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাৰ বিপৰীতে গোলাঘাট জিলাৰ সৰুপথাৰত দেখা গ'ল ইয়াৰ এক ওলোটা পৰিৱেশ ৷ জাতিধ্বংসী অভিহিত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে নতুন বছৰৰ প্ৰথম দিনটোতে সৰুপথাৰ বাসীয়ে ৰূপায়ণ কৰিলে অনশন কাৰ্যসূচী ৷
নৱবৰ্ষৰ প্ৰথম দিনটোতে সৰুপথাৰত CAAৰ বিৰোধিতাৰে অনশন
নৱবৰ্ষৰ প্ৰথম দিনটোতো ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অব্যাহত CAA বিৰোধী প্ৰতিবাদ ৷ নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাৰ বিপৰীতে, গোলাঘাট জিলাৰ সৰুপথাৰত দেখা গ'ল ইয়াৰ এক ওলোটা পৰিৱেশ ৷
CAA বিৰোধিতাৰে অনশন কাৰ্যসূচী
চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত,পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 12 ঘন্টাজোৰা এই অনশন কাৰ্যসুচী ৰূপায়ণ কৰা হৈছে ৷ প্ৰতিবাদকাৰী সকলে CAA বাতিল নহ'লে আগন্তুক নিৰ্বাচনত বিজেপিক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি কোৱাৰ লগতে এক নতুন ৰাজনৈতিক দল জন্ম দিয়াৰো হুংকাৰ প্ৰদান কৰিছে চৰকাৰক ৷
লগতে পঢ়ক:CAA আন্দোলন:1000 কোটি টকাৰ ক্ষতি ৰাজ্যৰ পৰ্যটন বিভাগৰ