অসম

assam

ETV Bharat / state

ধনশিৰি মহকুমাৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ - সৰুপথাৰ

ধনশিৰি মহকুমাৰ বিধস্ত হৈ পৰা বাট পথ সমূহ শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত মঙলবাৰে বৰপথাৰ , বিলগাঁও, টেঙানী, গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়৷

ধনশিৰি মহকুমাৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

By

Published : Aug 27, 2019, 4:28 PM IST

সৰুপথাৰ, 27 আগষ্টঃ ধনশিৰি মহকুমাৰ বাট পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ধনশিৰি মহকুমাবাসীক । বৰপথাৰ উৰিয়ামঘাট ৰেংমা সংযোগী পথ, শিলনীজানৰ পৰা বৰপথাৰ হৈ সৰুপথাৰ সংযোগী পথ, টেঙানী ফৰেষ্ট আলি আৰু ভূজৰ আলি পথ, ঘনশ্যাম বৰুৱা পথ, বৰপথাৰ জামুগুৰি সংযোগী NCC পথৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবীত ছাত্ৰ সন্থাই এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম চৰকাৰ হায় হায়, গড়কাপ্তানি বিভাগ গ' বেক, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি ধ্বনিৰে মুখৰিত হৈ পৰে অঞ্চলটোৰ আকাশ বতাহ | অনাগত দিনত পথসমূহ নিৰ্মাণ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

ধনশিৰি মহকুমাৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে, এবছৰ পূৰ্বে শিলনীজানৰ পৰা সৰুপথাৰ সংযোগী ১৯ কি মি দূৰত্বৰ পথটো গড়কাপ্তানি বিভাগে CCL নামৰ বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাক ২১ কোটি টকাৰ নিবিদা প্ৰদান কৰিছিল৷ কিন্তু এবছৰ সম্পূৰ্ণ নহওতেই পথটো জহি খহি যোৱাৰ উপক্ৰম হোৱাত শীঘ্ৰেই পথটো পুনৰ নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details