অসম

assam

ETV Bharat / state

মাৰাত্মক ড্ৰাগছৰ কৱলত সৰুপথাৰ - মাৰাত্মক ড্ৰাগছৰ কৱলত সৰুপথাৰ

পুনৰ নিষিদ্ধ ড্ৰাগছসহ সৰুপথাৰ আৰক্ষীৰ জালত তিনি যুৱক ৷

মাৰাত্মক ড্ৰাগছৰ কৱলত সৰুপথাৰ

By

Published : Nov 7, 2019, 5:40 PM IST

সৰুপথাৰ, 7 নৱেম্বৰ:সমাজৰ বৰবিহ স্বৰূপ মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে গোলাঘাট জিলাৰ সৰুপথাৰ নগৰ ৷ নগৰখনত ড্ৰাগছৰ কৱলত পৰি এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে এজনৰ পাছত আনজন উঠি অহা কিশোৰ-যুৱক ৷ চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ ডিমাপুৰৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চক্ৰই এতিয়া বাহৰ পাতিছে সৰুপথাৰত যাৰ ফলত বৰ্তমান নগৰখনত দিনে পোহৰে মুকলিকৈ চলিছে অবৈধ ড্ৰাগছৰ বেহা ৷

পুনৰ নিষিদ্ধ ড্ৰাগছসহ সৰুপথাৰ আৰক্ষীৰ জালত তিনি যুৱক

বৃহস্পতিবাৰে, এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত অভিযান চলাই সৰুপথাৰ আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ আটক কৰে গৌৰৱ বৰা, জয়ন্ত গগৈ আৰু অনুপম সন্দিকৈ নামৰ তিনিজন যুৱকক ৷ ধৃত যুৱক কেইজনৰ ঘৰ ক্ৰমে ২ নং ৱাৰ্ড, নগাজৰি আৰু টেঙাহোলা গাঁৱত ৷ ইয়াৰে দুজন যুৱকৰ বয়স মাত্ৰ 19 বছৰ ৷ এই অভিযানতকালত আৰক্ষীক সহযোগ কৰে সৰুপথাৰ মহকুমা ছাত্ৰ সন্থাই ৷

উল্লেখযোগ্য যে, কিছুদিনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অলিয়ে গলিয়ে মাৰাত্মক ড্ৰাগছৰ বেহা মেলি দিয়া পৰিলক্ষিত হৈছে । মনকৰিবলগীয়া যে, মাত্ৰ কিছুদিন পূৰ্বে গেলাবিল অঞ্চলৰ ৰাইজে এজন যুৱকক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক কৰি বৰপথাৰ আৰক্ষীক চমজাই দিছিল ।

আৰু পঢ়ক : শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন

ABOUT THE AUTHOR

...view details