সৰুপথাৰ,২০জুন : সৰুপথাৰৰ দুই নং বৰহোলা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা। এগৰাকী শিক্ষয়িত্ৰীৰে চলিছে বিদ্যালয়খনৰ পাঠদান। বিদ্যালয়খনত আছে মুঠ ৫৬গৰাকী ছাত্ৰ-ছাত্ৰী। মদ্যপান কৰি পাঠ দান কৰাৰ অভিযোগত প্ৰধান শিক্ষকগৰাকী ছমাহ পূৰ্বে নিলম্বন হোৱাৰ পাছৰে পৰাই এগৰাকী শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰি আহিছে ছাত্ৰ-ছাত্ৰীসকলক । যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছে শিক্ষয়িত্ৰীগৰাকীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল । ইফালে,প্ৰধান শিক্ষকগৰাকী নিলম্বিত হোৱাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ পৰাও বঞ্চিত হ'ব লগা হৈছে ।
৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী - ৫৬গৰাকী ছাত্ৰ-ছাত্ৰী
সৰুপথাৰৰ দুই নং বৰহোলা প্ৰাথমিক বিদ্যালয়ত ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে এগৰাকী শিক্ষাৰ্থী, যাৰ বাবে পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে শিক্ষাৰ্থীসকল
৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী
উল্লেখ্য যে,আন্তঃগাঁথনিৰ পৰা পিছপৰি থকা বিদ্যালয়খনৰ শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীক বহুবাৰ জনাই আহিছে যদিও বিষয়াগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ।