গোলাঘাট, 16 ফেব্ৰুৱাৰী :আজি বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱীৰ পূজা সৰস্বতী পূজা । বাগদেৱীৰ পূজা অৰ্চনাক লৈ সকলোতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখা গ’ল বিদ্যালয়-মহাবিদ্যালয়সমূহত । সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো দেখা গৈছে এক উদুলি-মুদুলি পৰিবেশৰ । সকলো ছাত্ৰ-ছাত্ৰীয়ে দেৱী সৰস্বতীৰ চৰণত আঁঠু লৈ আশীষ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে সৰস্বতী পূজাৰ দিনাই গোলাঘাটৰ বহুকেইখন মহাবিদ্যালয়ত উপস্থিত হৈছেগৈ অৰণ্য মানৱ যাদৱ পায়েং ।
সৰস্বতী পূজাৰ দিনা গোলাঘাটৰ বহুকেইখন মহাবিদ্য়ালয়ত অৰণ্য মানৱ যাদৱ পায়েং
গোলাঘাটত সৰস্বতী পূজাৰ দিনাই বহুকেইখন মহাবিদ্যালয়ত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং ।
অসমত এতিয়া নিৰ্বাচন সমাগত । এইবাৰ বিধানসভা নিৰ্বাচনত যাতে নৱ প্ৰজন্মই সুচাৰুৰূপে ভোটদান কৰে, সেই নিমিত্তে গোলাঘাট জিলা প্ৰশাসনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা হাতত লৈছে । ইয়াৰে অংশ হিচাপে অৰণ্য মানৱ যাদৱ পায়েঙে আজি গোলাঘাট জিলাৰ আগশাৰী মহাবিদ্যালয় হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, গোলাঘাট কমাৰ্চ কলেজ আৰু দেবৰাজ ৰয় মহাবিদ্যালয়ৰ পূজা মণ্ডপ পৰিভ্ৰমণ কৰি ছাত্ৰ ছাত্ৰী সকলক সজাগতা সৃষ্টি কৰাৰ লগতে সকলোকে ভোটদান সাব্যস্ত কৰাৰ বাবে আহ্বান জনায় ।
লগতে পঢ়ক :চৌৰ্য বৃত্তিত কিশোৰ: ধৰা পৰি পহৃত হ’ল জনতাৰ