অসম

assam

ETV Bharat / state

শংকৰদেৱ সংঘৰ অধিৱেশন, ভক্তক আদৰিবলৈ সাজু আয়োজক

৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদযাপন সমিতিৰ সংবাদ মেল। ৮৯ সংখ্যক অধিৱেশনলৈ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ উঠিছে আয়োজক সমিতি । অধিবেশনথলীত ৩৫ লাখ ভকতৰ সমাগম হোৱাৰ সম্ভাৱনা ৷

By

Published : Feb 4, 2020, 9:39 AM IST

শংকৰদেৱ সংঘৰ অধিৱেশন, ভক্তক আদৰিবলৈ সাজু আয়োজক
শংকৰদেৱ সংঘৰ অধিৱেশন, ভক্তক আদৰিবলৈ সাজু আয়োজক

গোলাঘাট: বুধবাৰৰ পৰা গোলাঘাট জিলাৰ বোকাখাটত আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক অধিৱেশন ৷ এই অধিৱেশনলৈ মাজত এটা দিন বাকী থকা অৱস্থাত আয়োজন সম্পৰ্কীয় তথ্য প্ৰকাশৰ বাবে সংবাদমেল আয়োজন কৰে উদ্যোক্তা সকলে ৷

৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদযাপন সমিতিৰ সংবাদ মেল


অধিৱেশনৰ আয়োজন প্ৰায় সমাপ্ত হৈছে বুলি এই সংবাদমেলত সদৰি কৰাৰ লগতে সমূহ ভকত-বৈষ্ণৱক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আয়োজক সকলে ৷ 2 কোটি 80 লাখ টকাৰ বাজেট ধাৰ্যকৰা হৈছে এই অধিৱেশনৰ ৷ অধিৱেশনত ৫৪৮ খন গ্ৰন্থ মেলাৰ বিপণী আৰু ৩৬০ খন বহি: বাণিজ্য বিপণী দিয়া হব ।

অধিৱেশনত সাতখন অঙ্কীয়া নাট প্ৰদৰ্শন কৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। অধিৱেশন স্থলীৰ ১৮০০ বিঘা ভূমিৰ ভিতৰত ১২০০ বিঘা ভূমিত মূল পেণ্ডল সমূহ বিস্তৃত হৈ আছে । উল্লেখ যে বোকাখাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৮ খন প্ৰাথমিক আৰু ১৩০০ সদস্য আছে। এইবাৰৰ অধিৱেশনত প্ৰায় ৩৫ লাখ ভকত বৈষ্ণৱে পদধূলা পেলাব বুলি জানিব দিয়ে উদযাপন সমিতিয়ে ৷

লগতে পঢ়কঃক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details