গোলাঘাট, 5 ফেব্ৰুৱাৰীঃ বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাট অধিৱেশন । এই অনুষ্ঠানত প্ৰায় ৩৫ লাখ ভকত বৈষ্ণৱ উপস্থিত হ'ব বুলি মন্তব্য কৰে উদ্যোক্তাসকলে । বুধবাৰে পুৱা মূল তোৰণৰ ওচৰত আই বাপ সকলে একত্ৰিত হৈ হৰিনামেৰে ভকত বৈষ্ণৱক আদৰণি জনাই । তাৰ পাচতে নিকাকৰণ, প্ৰাতঃপ্ৰসঙ্গ, বৃক্ষৰোপন আদি অনুষ্ঠানৰ পিছতেই বিভিন্ন কাৰ্যালয় দ্বাৰ উন্মোচন কৰা হয় ।
বোকাখাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন - শ্ৰীমন্ত শংকৰদেৱ সংঘ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাট অধিৱেশনৰ আজি প্ৰথম দিন । প্ৰথম দিনা পুৱা ৫ বজাৰ পৰাই বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন । কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই বিশাল অধিৱেশন ।
অধিৱেশনত ১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ ১০ হাজাৰ সেৱা বাহিনীৰ সদস্যই কাম-কাজ পৰিচালনা দায়িত্ব অৰ্পন কৰা হৈছে । উল্লেখ্য যে, দহ হাজাৰ ভকত বৈষ্ণৱে একে সময়তে একেটা পেণ্ডলৰ ভিতৰত একেলগে বহি ভোজন গ্ৰহন কৰিব পাৰিব অধিৱেশনত । ঠিক একেদৰে ৰন্ধনশালত ৩ শ চৌকাত ৬ শ ৰান্ধনীয়ে ভোজন ৰান্ধি আপ্যায়ন ধৰিব ভকত বৈষ্ণৱক । অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিছে বাণিজ্য মেলাৰ । এই বাণিজ্য মেলাত প্ৰায় এহাজাৰ ব্যৱসায়িক প্ৰতিষ্ঠানে যোগদান কৰিছে । ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিনিধিৰ আগমণ ঘটিছে বোকাখাট অধিৱেশনত । ইয়াৰোপৰি সাতখনকৈ অংকীয়া নাট অধিৱেশনত প্ৰদৰ্শন কৰিব ভকত বৈষ্ণৱেসকলে ।
TAGGED:
শ্ৰীমন্ত শংকৰদেৱ সংঘ