সৰুপথাৰত ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰী কৰ বিভাগৰ অভিযান - assam news
সৰুপথাৰ নগৰৰ দৈনিক বজাৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু মাছ বজাৰত থকা গুদামত চলিছে এই অভিযান ৷ ব্যৱসায়ীজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চৰকাৰক কৰ পৰিশোধ নকৰাৰ অভিযোগ ৷
সৰুপথাৰ, 31 মে': সৰুপথাৰ নগৰত বিক্ৰী কৰ বিভাগৰ অভিযান ৷ শুকুৰবাৰে সৰুপথাৰ নগৰস্থিত মোহিত ট্ৰেডাৰ্চ নামৰ গেলামালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলে এই অভিযান ৷ শুকুৰবাৰে গোলাঘাটৰ কৰ অধীক্ষক নয়নজ্যোতি বৰাৰ নেতৃত্বত 8/9 জনীয়া এটি দলে অতৰ্কিতে চলাই অভিযান ৷ বিক্ৰী কৰা বস্তুৰ সৈতে বিক্ৰী কৰৰ ৰিটাৰ্ন তথ্য বিসংগতি পোৱাৰ বাবেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এটা গুদাম অভিযানকাৰী দলটোৱে ছীল কৰে ৷ উক্ত ব্যৱসায়িক প্ৰতিস্থানৰ স্বত্বাধিকাৰী অমৰ সাহা ৷ সৰুপথাৰ নগৰৰ দৈনিক বজাৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু মাছবজাৰত থকা গুদামত চলিছে এই অভিযান ৷ ব্যৱসায়ীজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চৰকাৰক কৰ পৰিশোধ নকৰাৰ অভিযোগ ৷ আনহাতে, ব্যৱসায়ী অমৰ সাহাই বিক্ৰী কৰ দিয়াৰ ক্ষেত্ৰত চাৰ্টাৰ একাউন্টে যদি বিসংগতি ভাৱে তথ্য দিছে তাৰ সন্দৰ্ভত অৱগত নহয় কিন্তু তেওঁ শুদ্ধ মতেই বিক্ৰী তথ্য দি আহিছে বুলি অৱগত কৰে সংবাদ মাধ্যমৰ আগত ৷