বোকাখাত, 21 জুলাই: ইজি বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰোতে সাৱধান হওক ৷ বোকাখাতৰ ইজি বজাৰত লাগিল গণ্ডগোল ৷ ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকক ৰামঠগন ইজি বজাৰৰ (Sale of expired goods in EZZY bazar) ৷ বোকাখাতৰ ইজি বজাৰত ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকক ঠগন দিয়া ঘটনাই বোকাখাতবাসীৰ চকু কঁপালত তুলিছে (EZZY bazar scam at Bokakhat) ৷
দীৰ্ঘদিন ধৰি শ্বপিং মলটোত বিক্ৰী কৰি আহিছে সৰু ল'ৰা-ছোৱালীৰ ম্যাদ উকলা খাদ্য সামগ্ৰী । ম্যাদ উকলা সামগ্ৰী বিক্ৰীৰ লগতে ইজি বজাৰৰ ব্যৱসায় অনুজ্ঞাপত্ৰ নথকাৰ উপৰিও নাই অগ্নি নিৰ্বাপক প্ৰতিৰোধৰ সঁজুলি আৰু শ্ৰমিকৰ অনুজ্ঞা পত্ৰও ৷ শেহতীয়াকৈ এগৰাকী গ্ৰাহকে প্ৰতিষ্ঠানখনৰ পৰা চাবু দানাৰ পেকেটকে ধৰি শিশু সামগ্ৰী কেইটামান ক্ৰয় কৰিছিল ৷ কিন্তু গ্ৰাহকগৰাকীয়ে ঘৰলৈ গৈ সামগ্ৰীকেইটাৰ ম্যাদ উকলা দেখি পৌৰসভাত প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷
বোকাখাতৰ মাজমজিয়াতে থকা ব্যৱসায় প্ৰতিষ্ঠানখনত বুধবাৰে বিয়লি পৌৰসভাৰ (Bokakhat municipality board) সহযোগত খাদ্য আৰু সুৰক্ষা সেৱাৰ যুটীয়া সহযোগত অভিযান চলায় ৷ এই অভিযানত অভিযানকাৰী দলদ্বয়ে ভালেকেইটা ম্যাদ উকলা সামগ্ৰী উদ্ধাৰ কৰে ৷
জিলাৰ দণ্ডাধীশগৰাকীয়ে এই অভিযান সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়, "আমি গ্ৰাহকৰ পৰা এটা অভিযোগ পাইছিলো যে তেওঁ চাবু দানাৰ পেকেটকে ধৰি শিশু সামগ্ৰী কেইটামান লৈছিলে ৷ সেইখিনি ম্যাদ উকলি যোৱা সামগ্ৰী আছিলে ৷ অৱশেষত বিষয়টো বোকাখাত মহকুমা প্ৰশাসনক অৱগত কৰাত বোকাখাত পৌৰসভা আৰু মহকুমা প্ৰশাসনে ব্যৱসায়ী প্ৰতিষ্ঠানৰ ওপৰত তদন্ত কৰা প্ৰতিষ্ঠানটোৰ বহুখিনি আসোঁৱাহ ধৰা পেলায় ৷ বোকাখাত পৌৰসভাৰ সহযোগত খাদ্য আৰু অসমাৰিক সেৱাৰ যুটীয়া সহযোগত অভিযান চলাই ইয়াত ভালেকেইটা সামগ্ৰীৰ ম্যাদ উকলা পৰিলক্ষিত হয় ৷ লগতে তেওঁলোকৰ পৌৰসভাৰ অনুজ্ঞাপত্ৰও বাতিল হৈছে’’ ৷