গোলাঘাট, 23 ডিচেম্বৰ : আৰ টি আই কৰ্মী দুলাল বৰাক বুধবাৰে গোলাঘাট জিলাৰ খুমটাই আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে বহু সময় ধৰি কৰা জেৰাৰ অন্তত দুলাল বৰাক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় ৷
উল্লেখ্য যে, কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তামুলীপথাৰত বুধবাৰে দুলাল বৰাৰ লগত আন এজন যুৱকৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । আৰ টি আই কৰ্মী দুলাল বৰা আৰু পলাশ বৰুৱা নামৰ এজন যুৱকৰ সৈতে দিনৰ ভাগত তামুলীপথাৰৰ মজদুৰ লাইনৰ নামঘৰৰ সমীপতে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পিচতেই দুয়োজনৰ মাজত মাৰপিট সংঘটিত হয় বুলি এজাহাৰত অভিযোগ দিছে ।
লগতে পঢ়ক :কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ