অসম

assam

By

Published : Mar 9, 2021, 8:15 AM IST

ETV Bharat / state

সৰুপথাৰত মনোনয়ন দাখিল ৰ'জলীনা তিৰ্কী,বিশ্বজিত ফুকনৰ

৯৪ নং সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী আৰু বিজেপিৰ বিশ্বজিত ফুকনৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সৰুপথাৰৰ যুৱ ব্যৱসায়ী গোপাল গগৈয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷

as_glt_rojlina-tirki-biswajit-phukan-submit-nomination-at-sarupathar_vis_as10024
সৰুপথাৰত মনোনয়ন দাখিল ৰ'জলীনা তিৰ্কী,বিশ্বজিত ফুকনৰ

গোলাঘাট, 9 মাৰ্চ:সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন ৷ ৯৪ নং সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী আৰু বিজেপিৰ বিশ্বজিত ফুকনৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সৰুপথাৰৰ যুৱ ব্যৱসায়ী গোপাল গগৈয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰাৰ্থীসকলক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ আদৰি আনে নিজ নিজ দলৰ সমৰ্থক সকলে ৷

ৰ'জলীনা তিৰ্কীৰ মনোনয়ন প্ৰদানৰ সময়ত তেঁওৰ সৈতে উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ আনহাতে বিশ্বজিত ফুকনক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, বিনোদ গোৱালাই ৷

সৰুপথাৰত মনোনয়ন দাখিল ৰ'জলীনা তিৰ্কী,বিশ্বজিত ফুকনৰ

পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি প্ৰাক্তন মন্ত্ৰী ৰকীবুল হুছেইনে মন্তব্য কৰে ৷ সমান্তৰালকৈ, চাহ জনগোষ্ঠীৰ কোনো প্ৰতিনিধিকে বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান নকৰি প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ ইয়াৰ উপৰিও এইবেলি ৰাজ্যত কংগ্ৰছে মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো 100 শতাংশ নিশ্চিত বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

সৰুপথাৰত মনোনয়ন দাখিল ৰ'জলীনা তিৰ্কী,বিশ্বজিত ফুকনৰ

লগতে পঢ়ক-এজেপিয়ে ৰহাত প্ৰক্ষেপ কৰিলে কনিষ্ঠ প্ৰাৰ্থী

For All Latest Updates

ABOUT THE AUTHOR

...view details