অসম

assam

ETV Bharat / state

ড৹ ৰবীন বেনাৰ্জীৰ 18 সংখ্যক মৃত্যুতিথি উদযাপন

শুকুৰবাৰে পদ্মশ্ৰী ড৹ ৰবীন বেনাৰ্জীৰ 18 সংখ্যক মৃত্যুতিথি । গোলাঘাটত ৰবীন বেনাৰ্জীৰ বাসগৃহ তথা ৰবীন বেনাৰ্জী সংগ্ৰাহসালয়ত গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে পালন কৰে মৃত্যুতিথি ।

robin-benarji-death-anniversary-etv-bharat-assam
গোলাঘাটত ড৹ ৰবীন বেনাৰ্জীৰ 18 সংখ্যক মৃত্যুতিথিত উদযাপন

By

Published : Aug 6, 2021, 8:42 PM IST

গোলাঘাট, 6 আগষ্ট :শুকুৰবাৰে ড৹ ৰবীন বেনাৰ্জীৰ 18 সংখ্যক মৃত্যুতিথি উদযাপন । গোলাঘাটৰ ৰবীন বেনাৰ্জীৰ বাসগৃহ তথা ৰবীন বেনাৰ্জী সংগ্ৰাহসালয়ত গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে পালন কৰে মৃত্যুতিথি । বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকে ৰবীন বেনাৰ্জীৰ প্ৰতিছবি আৰু সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি মৃত্যুতিথি পালন কৰে । বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ৰবীন বেনাৰ্জীৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰাৰ্থনা কৰে ।

উল্লেখযোগ্য যে, 1937 চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পৰিবেশবিদ ড৹ ৰবীন্দ্ৰ নাথ বেনাৰ্জী লিভাৰপুলত 'ৰয়েল নেভি'ত কৰ্মৰত আছিল । দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি আহে । সেইসময়তে অসমলৈ আহি তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । এই ভ্ৰমণ কালতে তেওঁ অসমৰ জৈৱবৈচিত্ৰৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লয় ।

ড৹ ৰবীন বেনাৰ্জীৰ ১৮ সংখ্যক মৃত্যুতিথি উদযাপন

গোলাঘাটত থাকি বেনাৰ্জীয়ে প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মাণ কৰে আৰু এই তথ্যচিত্ৰ 1961 চনত বাৰ্লিন টিভিত প্ৰদৰ্শন হয় । এই তথ্যচিত্ৰখনৰ বাবে কাজিৰঙাৰ এশিঙীয়া গঁড় আৰু কাজিৰঙাৰ বিষয়ে সমগ্ৰ বিশ্বত পৰিচিত হয় । তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে তেওঁ । পৰৱৰ্তী কালত তেওঁ 32 খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় ।

1971 চনত পদ্মশ্ৰী বঁটা লাভ কৰে ড৹ বেনাৰ্জীয়ে । 94 বছৰ বয়সত 2003 চনৰ 6 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই পৰলোকপ্ৰাপ্তি ঘটে বেনাৰ্জীৰ । বৰ্তমান গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে । ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে ।

বেনাৰ্জী আজীৱন চিৰকুমাৰ হৈ ৰয় । উল্লেখ্য যে, স্থানীয়ভাৱে অত্যন্ত জনপ্ৰিয় বেনাৰ্জী সকলোৰে বাবে 'ৰবীন খুড়া' আছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈছিল । এই উদেশ্যেৰে তেওঁ 'Kaziranga Wildlife Society'নামৰ এটা বেচৰকাৰী সংগঠনো স্থাপন কৰিছিল ।

লগতে পঢ়ক:কাল কৰ’ণা : আৰ্থিক দৈন্যতাৰ বাবে আত্মহনন প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ

ABOUT THE AUTHOR

...view details