অসম

assam

ETV Bharat / state

গোলাঘাটত পথত বলেৰ' বাগৰি পৰি যুৱতীৰ মৃত্যু - বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ

বৰনেওৰিয়াত অনুষ্ঠিত হোৱা কেথলিক সমাৱৰ্তনত অংশ লৈ ৰংবং ঘাটলৈ ওভতাৰ পথতে বলেৰ' খনে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে ৷ যাৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে এগৰাকী যুৱতীৰ মৃত্যু হয় ৷

golaghat
গোলাঘাট

By

Published : Dec 30, 2019, 3:25 PM IST

গোলাঘাট, 30 ডিচেম্বৰঃসোমবাৰে কাৰ্বিআংলং জিলাৰ পুৰণা বৰপথাৰৰ বৰগাঁৱৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন বলেৰ' পিকআপ ভান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে এগৰাকী যুৱতীৰ মৃত্যু হয় ৷

গোলাঘাটত পথ দুৰ্ঘটনা
তথ্য অনুসৰি বৰনেওৰিয়াত অনুষ্ঠিত হোৱা কেথলিক সমাৱৰ্তনত অংশ লৈ ৰংবং ঘাটলৈ ওভতাৰ পথতে উক্ত ঘটনাটো সংঘটিত হয় ৷ প্ৰত্যক্ষদৰ্শীৰ মতে গাড়ীখন দ্ৰুত বেগত থকাৰ বাবে নিযন্ত্ৰণ হেৰুৱাই বলেৰ'খন পথত বাগৰি পৰে ৷ ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচত গুৰুতৰভাৱে আহত লোককেইজনক ততাতৈয়াকৈ বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিওচিমি লেপটপিনামৰ এগৰাকী যুৱতীয়ে মৃত্যুক আকোঁৱালি লয় ৷ আনহাতে বাবু টেৰণ,মাৰবন ৰংপি,চাৰছাৰি টকবিচিকমিক ৰংপিকৰ নামৰ আন আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details