বোকাখাট , 27 মে':মঙলবাৰে পুৱা বোকাখাতৰ ৰজাবাৰীত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ যোৰহাট অভিমুখী এখন 'লৰী' ট্ৰাকে ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাঁতিত থকা দোকানত খুন্দা মাৰে ৷
বোকাখাতত পথ দুৰ্ঘটনা : এজন নিহত - মৃত্যু
যোৰহাট অভিমুখী এখন 'লৰী' ট্ৰাকে ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাঁতিত থকা দোকানত খুন্দা মৰাৰ ফলত এজন লোকৰ মৃত্যু হয় ৷

বোকাখাতত পথ দুৰ্ঘটনা
দুৰ্ঘটনাটোৰ ফলত ঘাইপথৰ দাঁতিত ৰৈ থকা অৱস্থাতে এজন যুৱকৰ থিতাতে মৃত্যু হয় ৷ নিহত যুৱক জন যোগেশ্বৰ দাসৰ পুত্ৰ অংকুৰ দাস (20) বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে এই দুৰ্ঘটনাটোত দোকানখনৰ স্বত্বাধিকাৰী ভাইটি দাস গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে, 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰে সচেতন মহলে ৷