অসম

assam

By

Published : Feb 25, 2021, 9:52 AM IST

ETV Bharat / state

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত পথসভা সম্পন্ন

গোলাঘাটৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত পথসভা অনুষ্ঠিত । সংস্থাপনৰ বাবেই আয়োজন কৰা হৈছে এই পথসভা ৷

সংস্থাপনৰ দাবীত নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত পথসভা
সংস্থাপনৰ দাবীত নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত পথসভা

গোলাঘাট,25 ফেব্ৰুৱাৰী:গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত আয়োজন কৰা হৈছে এখনি পথসভা । নুমলীগড় শোধনাগাৰৰ সন্মুখত গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই পথসভা ।

নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত পথসভা

শোধনাগাৰত স্থানীয় নিবনুৱা সকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত শোধনাগাৰ কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি বঞ্চনা কৰি অহাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ । নুমলীগড় শোধনাগাৰত এক সংস্থাপনৰ ব্যৱস্থা আছে আৰু এই সংস্থাপন সন্দৰ্ভতে বহুবাৰ নিবনুৱাসকলে শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ কিন্তু এই প্ৰতিশ্ৰুতিক বাৰে বাৰে আওকাণ কৰে কৰ্তৃপক্ষই ৷ এই অৱহেলিত প্ৰতিশ্ৰুতিবোৰৰ বাবেই বুধবাৰে ক্ষুব্ধ নিবনুৱাই পথসভাৰ জৰিয়তে নিযুক্তি সন্দৰ্ভত দাবী জনাইছে অনুষ্ঠিত কৰে পথ সভাখন ।

লগতে পঢ়ক:২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ

ABOUT THE AUTHOR

...view details