অসম

assam

ETV Bharat / state

গোলাঘাটত বানৰ প্ৰকোপত পথ বিচ্ছিন্ন - পংকা চাৰিআলিৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ

বিগত কেইবাদিন ধৰি হোৱা বান পৰিস্থিতিৰ ফলত গোলাঘাটত বিচ্ছিন্ন হৈছে পংকা চাৰিআলিৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ ৷ লগতে জলমগ্ন হৈছে গোলাঘাটৰ পংকাগ্ৰাণ্টৰ 10 খনৰো অধিক গাঁও ৷

গোলাঘাটত বানৰ প্ৰকোপত পথ বিচ্ছিন্ন
গোলাঘাটত বানৰ প্ৰকোপত পথ বিচ্ছিন্ন

By

Published : May 28, 2020, 3:04 PM IST

গোলাঘাট, 28 মে’: বাৰিষাৰ প্ৰথমটো বানপানীয়ে জলমগ্ন কৰিছে গোলাঘাটৰ পংকাগ্ৰাণ্টৰ 10 খনৰো অধিক গাঁও । ঢলাজান নৈৰ বাঢ়নী পানীয়ে খহাই নিয়ে পংকা চাৰিআলিৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো ।

গোলাঘাটত বানৰ প্ৰকোপত পথ বিচ্ছিন্ন

ইফালে, ঠিকাদাৰে দীৰ্ঘদিনে পথটো নিৰ্মাণ নকৰি পেলাই থোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । অভিযোগ অনুসৰি, 2018 চনতে আৰম্ভ হোৱা পথটোৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই । যাৰ ফলত স্থানীয় ৰাইজে পথটো বন্ধ কৰি থোৱাৰ উপক্ৰম হৈছে ৷

লগতে পঢ়ক: বঙাইগাঁওত কমতা শিৰোমণি অৰুণ কুমাৰ ৰায়ক স্মৰণ

ABOUT THE AUTHOR

...view details