গোলাঘাট, ২৬ ফেব্ৰুৱাৰী :বিষাক্ত সুৰাপান কৰি ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ প্ৰতিবাদত বুধবাৰে গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা সন্থাৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
গোলাঘাটত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - গোলাঘাট
গোলাঘাটত বিষাক্ত চুলাই মদ সেৱন কৰি ডেৰ শতাধিক লোকৰ মৃত্যুৰ প্ৰতিবাদত এই ঘাইপথ অৱৰোধ কাৰ্যসূচী
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা সন্থাই আজি ৰঙাজান ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ উপৰিও আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ প্ৰতিকৃতি দাহ কৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। তদুপৰি বিজেপি চৰকাৰ হায় হায় ,পল্লব লোচন গ' বেক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ ৰাজপথ। উল্লেখ্য যে প্ৰতিবাদৰ সময়ছোৱাত বহুসময় ধৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । ইয়াৰ উপৰিও চৰকাৰে যদি অতি শীঘ্ৰে যদি তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে । আনহাতে গোলাঘাটৰ সুৰা ট্ৰেজেডীত পিতৃহাৰা , মাতৃহাৰা হোৱা ১৪ জন কিশোৰ কিশোৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈও দাবী জনায়। লগতে মৃতকৰ পৰিয়ালক দহ লাখকৈ টকা ক্ষতিপূৰণ আদায় জনোৱাৰ লগতে সমগ্র ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় প্ৰতিবাদী সংগঠনটোৰ সদস্য সকলে ।