অসম

assam

ETV Bharat / state

ৰানা কনষ্ট্ৰাকশ্বনৰ কামত অতিষ্ঠ ৰাইজ: দুৰ্ঘটনাগ্ৰস্ত চাউলভৰ্তি ট্ৰাক

গোৱালপাৰা জিলাৰ দেৱোত্তৰ দ্বিতীয় খণ্ডৰ অন্তৰ্গত গাঁৱলীয়া জনবসতি প্ৰধান অঞ্চলত ৰানা কনষ্ট্ৰাকশ্বন নামৰ এটা কোম্পানীৰ কামত অতিষ্ঠ অঞ্চলৰ জনগণ(Rana Constructions in Goalpara) । ৰাজপথ নিৰ্মাণৰ বাবে আলকতৰা গলোৱাৰ ফলত অহৰ্নিশে কোম্পানীৰ পৰা কলা ধোঁৱা আৰু বিষাক্ত গেছ নিৰ্গত হোৱাত যন্ত্ৰণা ভুগিছে ৰাইজে ।

By

Published : Jun 28, 2022, 6:28 PM IST

road-accident-in-goalpara
ৰানা কনষ্ট্ৰাকশ্বনৰ কামত অতিষ্ঠ ৰাইজ: দুৰ্ঘটনাগ্ৰস্ত চাউল ভৰ্তি ট্ৰাক

গোৱালপাৰা, 28 জুন:গোৱালপাৰা জিলাৰ দেৱোত্তৰ দ্বিতীয় খণ্ডৰ অন্তৰ্গত গাঁৱলীয়া জনবসতি প্ৰধান অঞ্চলত ৰানা কনষ্ট্ৰাকশ্বন নামৰ এটা কোম্পানীৰ কামত অতিষ্ঠ হৈ পৰিছে অঞ্চলৰ জনগণ(Rana Constructions in Goalpara) । ইতিমধ্যে ৰাজপথ নিৰ্মাণৰ বাবে আলকতৰা গলোৱাৰ ফলত অহৰ্নিশে কোম্পানীৰ পৰা নিৰ্গত হোৱা কলা ধোঁৱা আৰু বিষাক্ত গেছৰ ফলত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

ৰানা কনষ্ট্ৰাকশ্বনৰ কামত অতিষ্ঠ ৰাইজ: দুৰ্ঘটনাগ্ৰস্ত চাউল ভৰ্তি ট্ৰাক

এই ধোঁৱা আৰু বিষাক্ত গেছৰ ফলত দেৱোত্তৰ বাপুপাৰা অঞ্চলত ছালৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । আনহাতে, কাষৰ খেতি-মাটি সমূহত তেলৰ চামনি পৰি থকা দেখা গৈছে ৷ ফলত খেতি কৰিলেও ভাল ফচল পোৱা নাযায় বুলি অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

কেৱল এয়াই নহয়, উক্ত কোম্পানীত SH 12 অৰ্থাৎ ১২ নং ৰাজ্যিক ঘাইপথৰ লগতে লাগি থকা এই কোম্পানীত কোনোধৰণৰ সুৰক্ষা কৰ্মীৰ ব্যৱস্থা নথকাৰ ফলত কোম্পানীৰ এখন ডাম্পাৰৰ খুন্দাত লক্ষীপুৰ সমবায়লৈ গৈ থকা চাউল ভৰ্তি এ এছ ১৮ চি ৪৭২৩ নম্বৰৰ এখন ট্ৰাকক খুন্দা মৰাত ট্ৰাকখন দ-খাৱৈত বাগৰি পৰে(Road accident in Goalpara) ।

ভৱিষ্যতেও যে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহ'ব ইয়াক নুই কৰিব নোৱাৰি । অতি পৰিতাপৰ বিষয় এয়ে যে, উক্ত কোম্পানীৰ ঠাইখিনিৰ পূৰ্বে অসম চৰকাৰৰ পানী যোগান বিভাগৰ আছিল ৷ তৎসত্তেও উক্ত ঠাইত কেনেকৈ এনেধৰণৰ কোম্পানীক জিলা প্ৰশাসনে মাটি প্ৰদান কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।

ইপিনে, এই কোম্পানীটোক উক্ত স্থানৰ পৰা জিলা প্ৰশাসন বা অসম চৰকাৰে হস্তান্তৰ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

লগতে পঢ়ক :নুনমাটিত অগ্নিপথ আচঁনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ: আৰক্ষীয়ে চোঁচৰাই নিলে প্ৰতিবাদকাৰীক

ABOUT THE AUTHOR

...view details