সৰুপথাৰ, 27 ফেব্ৰুৱাৰীঃ বৰপথাৰৰ সৰুপথাৰ সংযোগী পথৰ ছেৱাগুৰি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন বলেৰ’ বাহনে খুন্দিয়াই থৈ যায় এজন স্কুটী আৰোহীক ৷ ফলত বহু সময় সংকটজনক অৱস্থাত পথতে পৰি ৰয় স্কুটী আৰোহীজন ৷
বৰপথাৰৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা - ভয়ংকৰ পথ দুৰ্ঘটনা
ছেৱাগুৰি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় এজন স্কুটী আৰোহী ৷

বৰপথাৰৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
ছেৱাগুৰি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা
পিচত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত স্থানীয় ৰাইজে পুৱা প্ৰত্যক্ষ কৰি এম্বুলেঞ্চক খবৰ দিয়াত ততাতৈয়াকৈ সৰুপথাৰ চিকিংসালয়ত ভৰ্তি কৰোৱা হয় আঘাতপ্ৰাপ্ত স্কুটী আৰোহীজনক ৷ কিন্তু চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় লোকজনে ৷ জানিব পৰা মতে, মৃত ব্যক্তিগৰাকী উৰিয়ামঘাটৰ যোগেন্দ্ৰ ধিতালৰ বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা স্কুটীখনৰ নম্বৰ হৈছে AS-05H-7998 ৷