গোলাঘাট, 14 জানুৱাৰীঃ হেঁপাহৰ ভোগালীক লৈ ৰাজ্য উখল-মাখল ৷ এই আনন্দৰ মাজতে গোলাঘাটত সংঘটিত হ’ল কৰুণ ঘটনা ৷ বাছ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন ৷ গোলাঘাট কমাৰগাঁৱৰ পাৰঘাটত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা ৷
গোলাঘাটত বাছ আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত দুই - গোলাঘাট কমাৰগাঁৱৰ পাৰঘাট
ভোগালীৰ আনন্দৰ মাজত গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা ৷ বাছ আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত দুই স্কুটী আৰোহী ৷
গোলাঘাটত বাছ আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষ
যোৰহাট দিশৰ পৰা আহি থকা AS 03BC 4366 নম্বৰৰ আলট্ৰা বাছ এখন আৰু নুমলীগড়ৰ দিশৰ পৰা AS 05L 8507 নম্বৰৰ স্কুটীখনৰ মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত হয় দুয়োগৰাকী স্কুটী আৰোহী । স্কুটী আৰোহী দুয়োগৰাকী ক্ৰমে কৃষ্ণ ছেত্ৰী আৰু ৰামেশ্বৰ শইকীয়া কমাৰগাঁৱৰ তৰুণনগৰৰ বুলি চিনাক্ত কৰা হৈছে ৷