হুঁচৰিৰ ধন ব্যয় কৰিব জটিল ৰোগীৰ চিকিৎসাত
ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ এখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী সিদ্ধান্ত । বিহু, হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে জটিল ৰোগ বা দুৰাৰোগ্য ৰোগত আক্ৰান্তক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ গাঁওবাসীৰ ।
প্ৰতিকী ফটো
গোলাঘাট,19 এপ্ৰিল: গোলাঘাটৰ এখন গাঁৱৰ ৰাইজৰ বিশেষ পদক্ষেপ ৷ বিহুত হুঁচৰি মাৰি পোৱা ধন এক মহান উদ্দেশ্যত খৰচ কৰিব গাঁওবাসীয়ে ৷ গোলাঘাটৰ আঠখেলীয়া মাজ খুমটাই গাঁওবাসীয়ে হুঁচৰিৰ ধন খৰচ কৰিব জটিল ৰোগত আক্ৰান্ত ৰোগীসকলকৰ চিকিৎসাৰ বাবে ৷ গাঁওখনৰ ৰোগাক্ৰান্ত লোকসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্য নামঘৰত হুঁচৰি পৰিৱেশনৰ পাচতে লোৱা হয় এই সিদ্ধান্ত ৷