কাজিৰঙা, 4 নৱেম্বৰ: নৈৰ সমান ব’ব কোন, আইৰ সমান হ’ব কোন ? নিজ সন্তানৰ কাৰণে মাতৃয়ে কি কৰিব নোৱাৰে ! আমি বহু সময়ত মাতৃ আৰু সন্তানৰ বহু ঘটনা শুনি আহিছো ৷ কিন্তু এইবাৰৰ এই ঘটনা কিছু ব্যতিক্ৰম ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত এটি মাতৃ গঁড়ে যুঁজ কৰা এক ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈছে (Viral video of Kaziranga National park)। এগৰাকী টুৰিষ্ট গাইডৰ মোবাইলত আৱদ্ধ হৈছিল এই ভিডিঅ’টো (Rhino viral video in Kaziranga National park) ৷
ভিডিঅ'টোত দেখা হৈছে যে ৰাষ্ট্ৰীয় উদ্যানখনৰ (Kaziranga National park) বাগৰী বনাঞ্চলত সদ্যোজাত গঁড়ৰ পোৱালি এটা লৈ মাকে আপোন মনে চৰি আছে। হঠাতে সেই ঠাইত আন এটা গঁড় উপস্থিত হয় ৷ লগে লগে সতৰ্ক হৈ পৰে সদ্যোজাত গঁড়টোৰ মাক ৷
আনটো গঁড়ে যাতে পোৱালিটোৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে গঁড়টোক আতৰাই পঠিয়াবলৈ এক প্ৰকাৰ যুঁজত নামি পৰে মাতৃ । কাজিৰঙাৰ নান্দনিক পৰিৱেশ উপভোগ কৰি থকাৰ মাজতেই পৰ্যটকসকলে এখন্তেক হ’লেও ৰৈ চাবলৈ বাধ্য হৈছিল এই দৃশ্য ৷