অসম

assam

ETV Bharat / state

ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল - গঁড় গণনাৰ ফলাফল

ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত শেহতীয়াকৈ সম্পন্ন হোৱা গঁড় গণনাৰ (Rhino census in Kaziranga) ফলাফল ৷ জানো আহক এশিঙীয়া গঁড়ৰ গণনাৰ ফলাফল ৷

ঘোষণা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল
ঘোষণা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল

By

Published : Mar 29, 2022, 5:19 PM IST

Updated : Mar 29, 2022, 7:58 PM IST

বোকাখাত, 29 মাৰ্চ : ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga national park) তথা ব্যাঘ্ৰ প্ৰকল্পত শেহতীয়াকৈ সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল (result of rhino census in Kaziranga) ৷ শেহতীয়াকৈ ২০১৮ বৰ্ষৰ গঁড় গণনাত কাজিৰঙাত ২,৪১৩ টা গঁড় পোৱা গৈছিল ৷ এই বৰ্ষৰ গঁড় গণনাত ২০০ গঁড় বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা এশিঙীয়া গঁড়ৰ গণনাত পোৱা গল মুঠ ২৬১৩ টা গঁড় (number of rhinos in Kaziranga)।

ঘোষণা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল

ইয়াৰে, প্ৰাপ্তবয়স্ক মতা গঁড় ৭৫০ টা, মাইকী গঁড় সংখ্যা ৯০৩ টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১৭০ টা । ইয়াৰ বিপৰীতে অপ্ৰাপ্তবয়স্ক মতা গঁড় ১১৬ টা, মাইকী গঁড়ৰ সংখ্যা ১৪৬ টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১০৩ টা । আনহাতে, ১ ৰ পৰা ৩ বছৰ বয়সৰ গঁড়ৰ সংখ্যা ২৭৯ টা আৰু পোৱালি গঁড়ৰ সংখ্যা ১৪৬ টা পোৱা গল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ।

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, কিছু পৰিমাণে বতৰে বিধি পথলী দিয়াৰ বাবে গণনাত প্ৰতিবন্ধকতাৰ সৃষ্টি হয় ৷ যাৰবাবে গঁড়ৰ সংখ্যা নিৰূপণত তাৰতম্য পোৱা গৈছে ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬ ৰ পৰা ২৮ মাৰ্চলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল গঁড় পিয়ল ২০২২ ৷

লগতে পঢক :Price hike in Assam : ১ এপ্ৰিলৰ পৰা ৮০০ বিধ ঔষধত ১০.০৮ % কৈ হ’ব মূল্যবৃদ্ধি

Last Updated : Mar 29, 2022, 7:58 PM IST

ABOUT THE AUTHOR

...view details