গোলাঘাট 23 এপ্ৰিল:গোলাঘাটৰ পুলিবৰ নৰাগাঁৱত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় বুধবাৰে পুৱতি নিশা ৷ অঞ্চলটোত পূৰ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা 8 টাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাৰ পিচত এইবাৰ 9 নম্বৰটো নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।
গোলাঘাটৰ পুলিবৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ - নাহৰফুটুকী পিঞ্জৰাবদ্ধ
দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অহা এটা প্ৰকাণ্ড নাহৰফুটুকী অৱশেষত পিঞ্জৰাবদ্ধ হ'ল গোলাঘাটত ৷
গোলাঘাটৰ পুলিবৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ
বৃহত্তৰ অঞ্চলটোত গৰু,ছাগলী,গাহৰি ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বহু দিনৰ পৰা ৷ অৱশেষত পিঞ্জৰাত কোনো খাদ্য নথকাকৈয়ে পিঞ্জৰাবদ্ধ হ'ল বাঘটো। বৰ্তমান অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।
লগতে পঢকঃ ধিঙত হাইড্ৰপনিক পদ্ধতিৰে উৎপাদন কৰিছে ধানৰ কঠীয়া