গুৱাহাটী,9 এপ্ৰিলঃ পশ্চিম গুৱাহাটীৰ আজাৰা গণকপাৰাৰ যুৱ ব্যৱসায়ী-সমাজকৰ্মী প্ৰণৱ শৰ্মাই আজাৰাকে ধৰি নিকটৱৰ্তী গঁড়ল,ভট্টাপাৰা,কেন্দুকুছি আদি অঞ্চলৰ প্ৰায় 1000 দৰিদ্ৰ লোকৰ মাজত দহবিধ খাদ্য সামগ্ৰী বিতৰণ কৰে । নিজ বাসগৃহৰ সন্মুখত শৃংখলাৱদ্ধভাৱে সামগ্ৰী বিতৰণ কৰাৰ সময়ত পৰিয়ালৰ সদস্য আৰু ওচৰ-চুবুৰীয়াৰ কেইবাজনো যুৱকে সহযোগিতা আগবঢ়ায় যুৱ ব্যৱসায়ীজনক । আনকি সমাজিক দূৰত্ব বজাই ৰাখি যাতে লোকসকলে খাদ্য সামগ্ৰী গ্ৰহণ কৰে তাৰ বাবে বৰঝাৰ আৰক্ষী চকীৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হয় ।
লক ডাউনঃ দুৰ্দশাগ্ৰস্তলৈ সহায়ৰ হাত... - ধেমাজিৰ নব্বৈৰোৰ্ধৰ বৃদ্ধই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে অনুদান
16:13 April 09
আজাৰাত যুৱ ব্যৱসায়ীৰ প্ৰচেষ্টাৰে আৰ্তজনক সহায়
15:45 April 09
সৰুপথাৰৰ পৃথক পৃথক স্থানত সাহায্য প্ৰদান
সৰুপথাৰ,9 এপ্ৰিলঃ সৰুপথাৰত আছু আৰু আৰক্ষীয়ে পৃথকে পৃথকে আৰ্তজনলৈ আগবঢ়ায় সহায়ৰ হাত ৷ সদৌ অসম ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা সমিতিয়ে এই সামগ্ৰীসমূহ সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিয়ে ৷ মহকুমা প্ৰশাসনৰ হৈ এই সামগ্ৰী সমূহ গ্ৰহণ কৰে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ৷ সৰুপথাৰ আৰক্ষী থানাৰ আৰক্ষীসকলেও থানাৰ অন্তৰ্গত পদুমণি,ছেৱাগুৰি,ধনশিৰি পাৰঘাট আদি গাঁৱৰ ১২৬টা দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
11:45 April 09
ধেমাজিৰ নব্বৈৰোৰ্ধৰ বৃদ্ধই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে অনুদান
ধেমাজি,9 এপ্ৰিলঃবৃদ্ধ পেঞ্চনৰ 2000 টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায় ধেমাজিৰ এগৰাকী অশীতিপৰ বৃদ্ধই ৷ জিলাখনৰ ভৰালীচুক গাঁৱৰ সোণাৰাম কোঁচ নামৰ নব্বৈৰোৰ্ধৰ বৃদ্ধগৰাকীয়ে চৰকাৰে প্ৰদান কৰা বৃদ্ধ পেঞ্চনৰ ধনৰ পৰা এই অনুদান নিস্বঃজনলৈ সহায়ৰ উদ্দেশ্যে আগবঢ়ায় ৷
09:46 April 09
মৰাণত দম্পতীৰ খাদ্য সামগ্ৰী বিতৰণ
মৰাণ,9 এপ্ৰিলঃমৰাণৰ দম্পতীৰ নিজাববীয়া প্ৰচেষ্টাত ৪০০ টা দৰিদ্ৰ পৰিয়ালক যোগান খাদ্য সামগ্ৰীৰ ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পৰিয়ালকেইটাক সহায় কৰে দম্পতীয়ে ৷ দম্পতি হালৰ মহানুভৱতাৰ মৰাণৰ ৰাইজে শলাগ লয় ৷