অসম

assam

By

Published : May 18, 2019, 4:01 PM IST

ETV Bharat / state

কি চলিছে অসম পুলিচৰ আধুনিকীকৰণৰ নামত ?

অসম পুলিচৰ আধুনিকীকৰণৰ নামত ঢাক-ঢোল ৷ গোলাঘাটৰ ঘিলাধাৰী থানাত নাই যাতায়তৰ সু-ব্যৱস্থা ৷ বাহিৰা গাড়ীত উঠাই থানাৰ পৰা নিয়া হয় আচামী ৷

কি চলিছে অসম পুলিচৰ আধুনিকীকৰণৰ নামত ?

গোলাঘাট, 18 মে': এখন আৰক্ষী থানা ৷ আৰক্ষী থানাখনে উদঙাইছে অসম পুলিচৰ উন্নয়নৰ পয়ালগা ছবিখন ৷ গোলাঘাট জিলাৰ অন্তৰ্গত ঘিলাধাৰী থানা ৷ য'ত যাতায়তৰ নামত আজি পৰ্যন্তও নাই তিলমানো সুযোগ সুবিধা ৷ থানাখনত যাতায়তৰ কোনো সু-ব্যৱস্থা নথকাত থানাখনৰ পৰা চোৰ-ডকাইত নিয়া হয় সাধাৰণ মানুহ যোৱা মেজিক অথবা বাছেৰে ৷ এনেদৰেই পৰিচালিত হৈ আছে আৰক্ষী থানাখন ৷ ইপিনে সাধাৰণ লোকে অহা-যোৱা কৰা গাড়ীৰে আচামী অনা-নিয়া কাৰ্যৰ ফলত যিকোনো মূহুৰ্ততে পলায়ন কৰাৰ আশংকা নুই কৰিব নোৱাৰি ৷ অসম পুলিচৰ আধুনিকীকৰণৰ নামত চৰকাৰে ঢাক-ঢোল বজাই থকাৰ সময়তে ঘিলাধাৰী থানাৰ এই ছবিয়ে উদঙাইছে আৰক্ষী তথা গৃহ বিভাগৰ আচল স্বৰূপটো ৷

কি চলিছে অসম পুলিচৰ আধুনিকীকৰণৰ নামত ?

ABOUT THE AUTHOR

...view details