গোলাঘাট,24 জুলাইঃ"দেশ বুলিলে নালাগে আদেশ,জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী"৷ দেশৰ নৱপ্ৰজন্মৰ ৰক্তত প্ৰবাহিত হৈ আছে দেশপ্ৰেম । তাৰেই এক দৃশ্য দেখা পোৱা গ'ল গোলাঘাট জিলাৰ লগতে খুমটাইত ৷
1999 চনৰ কাৰ্গিল যুদ্ধত বীৰ দৰ্পে প্ৰাণ আহুতি দিয়া খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পৰাক্ৰমৰ পিছতেই ভাৰতীয় সেনাৰ প্ৰতি অনুপ্ৰাণিত হৈ আহিছে খুমটাইৰ যুৱপ্ৰজন্ম। খুমটাই চাহ বাগিচা খেলপথাৰত নিতৌ পুৱা-গধূলি দৌৰ,শাৰীৰিক ব্যায়ামত ব্যস্ত হৈ পৰিছে বহু যুৱক ৷ সকলোৰে লক্ষ্য দেশ সেৱাৰ বাবে নিজকে সাজু কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰি দেশ ৰক্ষা কৰা ৷