গোলাঘাট, 21 নৱেম্বৰঃকেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰাত উৎফুল্লিত হৈ পৰিছেনুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ সংগঠনসমূহ ৷ গোলাঘাট জিলাত অৱস্থিত তথা অসম আন্দোলনৰ ফচল,নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত বাতিল কৰাৰ বিষয়ে প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ সীতাৰমণৰ ঘোষণাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শোধনাগাৰৰ কৰ্মচাৰীসকলে ৷
আনহাতে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল অসমৰ ছাত্ৰ সংগঠনসমূহে ৷ শোধনাগাৰৰ বাহিৰত তথা ৰাজ্যৰ অন্যান্য প্ৰান্তত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সংগঠনসমূহে ৷ অৱশেষত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ কৰা নহয় বুলি প্ৰকাশ কৰাৰ পিচতে এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছু নেতা নিৰঞ্জন সোণোৱালে ৷