গোলাঘাট,3 নৱেম্বৰ:বিধায়ক শ্বেৰমান আলী আহমেদৰ বিতৰ্কিত মন্তব্যই উত্তাল কৰিছে সমগ্ৰ ৰাজ্য ৷ প্ৰায় প্ৰতিগৰাকী ৰাজনৈতিক দলৰ নেতাই সমালোচনা কৰা দেখা গৈছে বিধায়কগৰাকীক ৷ শেহতীয়াকৈ মঙলবাৰে গোলাঘাট জিলাৰ নুমলীগড়ত এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱা সাংসদ কামাখ্যা প্ৰসাদ তাছাই তীব্ৰ কটাক্ষ কৰে বিধায়কগৰাকীক ৷ নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হোৱা সাংসদ তাছাই বিধায়ক শ্বেৰমান আলী আহমেদক সংবাদ মাধ্যমৰ সন্মুখত তীব্ৰ সমালোচনা কৰে ৷
শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ - শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ
গোলাঘাটত বিধায়ক শ্বেৰমান আলী আহমেদক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ । ৰাজ্যসভাৰ সাংসদগৰাকীয়ে শ্বেৰমান আলীক অসমীয়া নহয় বুলি কোৱাৰ লগতে মগজুৰ বিকৃতি ঘটা বুলি দাবী কৰে ৷
![শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ Reaction of kamkhya prasad tasa against sherman ali in golaghat assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9414412-thumbnail-3x2-a.jpg)
শ্বেৰমান আলীক তীব্ৰ কটাক্ষ
ৰাজ্যসভাৰ সাংসদগৰাকীয়ে শ্বেৰমান আলীক অসমীয়া নহয় বুলি কোৱাৰ লগতে মগজুৰ বিকৃতি ঘটা বুলি দাবী কৰে ৷ লগতে বিধায়কগৰাকীক অসমৰ বুৰঞ্জী, কলা-সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷ ইফালে ৰাজ্য চৰকাৰে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত আদৰ্শ হাইস্কুল স্থাপন কৰি বাগিচাৰ লোকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷
TAGGED:
গোলাঘাট