গোলাঘাট, 6 জুলাই : গোলাঘাট জিলাৰ নুমলীগড়ৰ উদয়ন চাহ বাগিচাত সংঘটিত হোৱা এক জঘন্য ধৰ্ষণৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । এগৰাকী ২১ বছৰীয়া যুৱতীক ধৰ্ষণ কৰে দুই সন্তানৰ পিতৃ চিবু মাঝি নামৰ লোকজনে ।
উল্লেখ্য যে, দুমাহ পূৰ্বে যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল লোকজনে । এই সমগ্ৰ ঘটনা লুকুৱাই ৰাখিবলৈ যুৱতীগৰাকীক ভাবুকি প্ৰদান কৰি আহিছিল লম্পট চিবু মাঝিয়ে ।
দুমাহ পূৰ্বে হোৱা জঘণ্য ধৰ্ষণৰ ঘটনাৰ তথ্য ফাদিল অৱশেষত দুমাহৰ অন্তত দেওবাৰে নিশা পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাৰ বিষয়ত অৱগত হৈ গাঁওবাসীসহ যুৱতীগৰাকীৰ পৰিয়ালে খেদি খেদি আটক কৰে অভিযুক্ত ধর্ষণকাৰী চিবু মাঝিক । ইয়াৰ পিছতে স্থানীয় ৰাইজে ধর্ষণকাৰীটোক মাৰ-ধৰ কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে । ইফালে যুৱতীগৰাকী বৰ্তমান অন্তঃসত্বা বুলি জানিব পৰা গৈছে । ইতিমধ্যে বগীজান আৰক্ষীয়ে 30/2020 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক : নিশ্চিহ্ন হোৱাৰ দিশে জলেশ্বৰৰ মথাউৰি