গোলাঘাট, 15 এপ্ৰিলঃ গোলাঘাট জিলাৰ বৰপথাৰৰ ৪৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ কৰ'ণা ভাইৰাছে সংহাৰী ৰূপ লোৱাৰ বাবেই অনুষ্টুপীয়াকৈ পালন কৰিলে ৰঙালী বিহুটি ৷
বৰপথাৰৰ ৪৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্টুপীয়াকৈ পালন - বৰপথাৰৰ ৪৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্টুপীয়াকৈ পালন
পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণেৰে বৰপথাৰৰ ৪৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ সামৰণি মাৰে ৷
সমগ্ৰ বিশ্বতে এতিয়া কৰ'ণাৰ ভাইৰাছৰ আতংক ৷ লাখ-লাখ মানুহ এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে বহুলোক মৃত্যু মুখতো পৰিছে ৷ লগতে এতিয়া সমগ্ৰ দেশতেই চলি আছে লক ডাউন ব্যৱস্থা ৷ এই ভয়ংকৰ ৰোগে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ম্লান কৰি পেলাইছে সকলো ৰাইজৰ মনত ৷ সেয়েহে লক ডাউনৰ প্ৰতি সহাৰি জনাই গোলাঘাট জিলাৰ বৰপথাৰৰ ৪৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে এইবেলি অনুষ্টুপীয়াকৈ উদযাপন কৰে ৷ আজি বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত পতাকা উত্তোলন,শ্বহীদ তৰ্পণ আৰু কেইবাটাও বৰ্ষৰ সভাপতি প্ৰয়াত দীপ বৰবৰা স্মৃতিচাৰণ অনুষ্ঠানেৰে অনুষ্টুপীয়াকৈ পালন কৰে ৷ আনহাতে পতাকা উত্তোলন স্থলীতে বিহুনাম গাই আনন্দ লয় উপস্থিত হোৱা জ্যেষ্ঠসকলে ৷ লগতে জ্যেষ্ঠসকলক এখন বিহুৱানেৰে বিহুৰ ওলগ জনায় উদযাপন সমিতিৰ সদস্য সকলে ৷
লগতে পঢ়ক- টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ নেতৃত্বত চেনিটাইজেশ্যন