অসম

assam

ETV Bharat / state

যাত্ৰীৰ বাবে ফৰকাটিং জংচনত ৰখোৱা নহয় ৰাজধানী !

শেহতীয়াকৈ উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগে দুই মিনিট সময়ৰ বাবে ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙ জংচনত ৰখোৱা হ'ব বুলি এক নিৰ্দেশ দিছিল আৰু সেই অনুসৰি বিভিন্ন প্ৰচাৰ মাধ্যমত এই তথ্য প্ৰচাৰৰ পাচতেই উৎফুল্লিত হৈ পৰিছিল গোলাঘাটবাসী ৷

By

Published : May 14, 2019, 6:05 PM IST

যাত্ৰীৰ বাবে ফৰকাটিং জংচনত ৰখোৱা নহয় ৰাজধানী !

গোলাঘাট , 14 মে' : গোলাঘাটবাসীৰ আশাত চেঁচাপানী ৰে'ল বিভাগৰ ৷ যাত্ৰীৰ বাবে ফৰকাটিং জংচনত ৰখোৱা নহয় ৰাজধানী এক্সপ্ৰেছ । বিভাগীয় কৰ্মচাৰীৰ সাল-সলনিৰ বাবেহে দুই মিনিট সময় ফৰকাটিং জংচনত ৰখোৱা হ'ব ৰাজধানী এক্সপ্ৰেছ । ফৰকাটিং জংছনৰ ষ্টেচন মাষ্টৰে জনালে এই কথা । শেহতীয়াকৈ উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগে দুই মিনিট সময়ৰ বাবে ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙ জংচনত ৰখোৱা হ'ব বুলি এক নিৰ্দেশ দিছিল আৰু সেই অনুসৰি বিভিন্ন প্ৰচাৰ মাধ্যমত এই তথ্য প্ৰচাৰৰ পাচতেই উৎফুল্লিত হৈ পৰিছিল গোলাঘাটবাসী ৷

যাত্ৰীৰ বাবে ফৰকাটিং জংচনত ৰখোৱা নহয় ৰাজধানী !

যদিও বিভাগীয় কৰ্মচাৰীৰ সাল-সলনিৰ বাবেহে দুই মিনিট ৰাজধানী এক্সপ্ৰেছ ফৰকাটিং জংচনত ৰখোৱা হ'ব বুলি ৰে'লৱে কৰ্তৃপক্ষই স্পষ্ট কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

ABOUT THE AUTHOR

...view details