অসম

assam

ETV Bharat / state

সৰুপথাৰত ৰে’লৱেৰ উচ্ছেদ অভিযান

১৭ টা পৰিয়ালৰ ওপৰত ৰে’লৱ বিভাগে উচ্ছেদ চলায় যদিও ৰে’লৱে বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোহিনী মোহন দেৱৰ পৰিয়ালটোক এৰি বাকী পৰিয়ালসমূহক উচ্ছেদ চলোৱাত ক্ষুন্ন হৈ পৰে উচ্ছেদিত পৰিয়াল কেইটা ।

By

Published : Jul 7, 2019, 1:15 PM IST

Updated : Jul 7, 2019, 2:57 PM IST

ৰেলৱে বিভাগৰ উচ্ছেদ অভিযান

সৰুপথাৰ , ০৭ জুলাই :উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ লামডিং ডিভিজনৰ অন্তৰ্গত সৰুপথাৰ ষ্টেচনৰ সমীপৰ ৰে’ল বিভাগৰ ভূমিত অবৈধ ভাৱে বেদখল কৰি বসবাস কৰি থকা পৰিয়ালৰ ওপৰত দেওবাৰে ৰে’ল বিভাগে উচ্ছেদ অভিযান চলায় । ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ষ্টেচনৰ সমীপত থকা ১৭ টা পৰিয়ালৰ বাসগৃহ সমূহ এক্সেভেটৰ জৰিয়তে উচ্ছেদ কৰে ।

ৰেলৱে বিভাগৰ উচ্ছেদ অভিযান

ইতিপূৰ্বে ৰে’লৱে কৰ্তৃপক্ষই ষ্টেচনৰ সমীপত থকা লোক সকলক কেইবাবাৰো জাননী দিয়াৰ পাচত আজি এই উচ্ছেদ অভিযান চলায় । এই ক্ষেত্ৰত অসম আৰক্ষীয়ে ৰে’লৱে আৰক্ষীক পূৰ্ণ সহযোগ কৰে । আনহাতে ১৭ টা পৰিয়ালৰ ওপৰত ৰে’ল বিভাগে উচ্ছেদ চলায় যদিও ৰে’ল বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোহিনী মোহন দেৱৰ পৰিয়ালটোক এৰি বাকী পৰিয়ালসমূহক ৰে’ল বিভাগে উচ্ছেদ চলোৱাত ক্ষুন্ন হৈ পৰে উচ্ছেদিত পৰিয়াল কেইটা । জানিব পৰা মতে ৰেলৱে বিভাগৰ উচ্ছেদৰ জাননী পাই মোহিনী মোহন দেৱ পৰিয়ালটোয়ে কিছুদিন সময় বিচাৰি ন্যায়ালয়ৰ দ্বাৰাসহ হয় । যাৰবাবে, ন্যায়ালয়ে পৰিয়ালটোক এসপ্তাহৰ সময় দিয়াৰ বাবে আজি ৰেলৱে বিভাগে উচ্ছেদৰ পৰা বিৰত থাকে ।

সৰুপথাৰত ৰে’লৱেৰ উচ্ছেদ অভিযান
Last Updated : Jul 7, 2019, 2:57 PM IST

ABOUT THE AUTHOR

...view details