অসম

assam

ETV Bharat / state

গোলাঘাটত ৰে'ল দুৰ্ঘটনাঃ নিহত 1 - খুমটাইত ৰে'ল দুৰ্ঘটনা

খুমটাইত শোকাৱহ ৰে'ল দুৰ্ঘটনা ৷ ৰে'ল লাইনৰ কাষেৰে আহি থকা অৱস্থাত মূৰ ঘূৰাই পৰে ভৃগু গগৈ নামৰ এজন যুৱক ৷ মূৰ ঘূৰাই পৰা ফলত হাত, ভৰি কটা যায় যুৱকজনৰ ৷

গোলাঘাট
গোলাঘাটত ৰে'ল দুৰ্ঘটনা, মৃত্যু 1

By

Published : Feb 1, 2020, 10:08 AM IST

গোলাঘাট, 1 ফেব্ৰুৱাৰীঃগোলাঘাটৰ খুমটাইত শুকুৰবাৰে নিশা সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা । খুমটাই চিকিৎসালয়ৰ সমীপৰ ৰে'ল লাইনত পৰি নিহত হয় ভৃগু গগৈ নামৰ এজন যুৱক ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নুমলীগড় শোধনাগাৰৰ পৰা তেল ভৰ্তি মালবাহী ৰে'ল এখন আহি থকা অৱস্থাতেই ৰে'ল লাইনৰ কাষেৰে গৈ থকা যুৱকজনৰ হঠাতেই মূৰ ঘূৰাই ৰে'ল লাইনত পৰি যায় । ফলত দুৰ্ভগীয়া যুৱকজনৰ এখন ভৰি আৰু এখন হাত সম্পূৰ্ণৰূপে কটা যায় । পৰৱৰ্তি সময়ত স্থানীয় লোকে ভৃগু গগৈক উদ্ধাৰ কৰি ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰঅসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে চিকিৎসকে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা ভৃগুৰ চিকিৎসায়লৈ নিয়া অৱস্থাতে মৃত্যু হয় ৷

গোলাঘাটত ৰে'ল দুৰ্ঘটনা, মৃত্যু 1

ABOUT THE AUTHOR

...view details